৫ মে',২০২৪: আজি অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ৰাজ্যৰ ৪টা সমষ্টিত নিৰ্বাচন ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । ৰাতি-দিন একাকাৰ কৰি শাসক-বিৰোধীৰ তীব্ৰ প্ৰচাৰ অভিযান । ধুবুৰীত মিত্ৰজোঁটকে ধৰি AIUDF, কংগ্ৰেছৰো ব্যাপক প্ৰচাৰ।
একেদৰে বৰপেটাত কংগ্ৰেছ, মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰো প্ৰচাৰ। কোকৰাঝাৰতো তুংগত উঠিছে UPPL তথা মিত্ৰজোঁট, বিপিএফ প্ৰাৰ্থীৰ যুঁজ । গুৱাহাটীত বিজেপি, কংগ্ৰেছৰ দুই মহিলা প্ৰতিদ্বন্দ্বীয়ে সমানে চলাইছে প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ।