বগামাটিৰ অপৰূপ সৌন্দৰ্যই হাত বাউলি মাটিছে সকলোকে

DY365
DY365
Published: December 25,2024 06:49 PM
DY365

Story highlights

বগামাটিৰ অপৰূপ সৌন্দৰ্যই হাত বাউলি মাটিছে সকলোকে

২৫ ডিচেম্বৰ,২০২৪-  বগামাটিৰ অপৰূপ সৌন্দৰ্যই হাত বাউলি মাতিছে সকলোকে
 শীতৰ আগমনৰ লগে-লগে ৰাজ্যৰ বনভোজস্থলী সমূহত ভিৰ কৰিছে বনভোজকাৰী দলে। যান্ত্ৰিকতাৰ যুগত নিজৰ দৈনন্দিন ব্যস্ততাৰ মাজতো এখন্তেক প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত লগে-ভাগে এসাজ খাবলৈ সকলোৱে ধপলিয়াই আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা৷ ওদালগুৰি, তামুলপুৰ আৰু ভূটানৰ সংগমস্থলী বগামাটিতো বনভোজৰ সময়ত আগমণ ঘটিছে হাজাৰ-হাজাৰ লোকৰ। 
 প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে তৃপ্তিৰে এসাজ খাবলৈ এতিয়া বনভোজকাৰী দল আহিছে বগামাটিলৈ৷ প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰি কুলু-কুলু সুৰেৰে বৈ অহা নদীৰ বুকুত ট্ৰেকিং, পৰ্বতাৰোহন, পাহাৰত অৱস্থিত সু-উচ্ছ বুদ্ধদেৱৰ মূৰ্তি উপভোগ কৰিবলৈ প্ৰতিদিনে হাজাৰ-হাজাৰ লোকে বিভিন্ন ব্যস্ততাৰ মাজতো নাচি-বাগি আনন্দত মতলীয়া হৈ এটা দিন নীৰৱে উপভোগ কৰিবলৈ ভিৰ কৰিছে ভাৰত-ভূটান সীমান্তৰ বগামাটিত৷ বগামাটিৰ অপৰূপ সৌন্দৰ্যই হাত বাউলি মাটিছে সকলোকে৷ শান্তি শৃংখলা অটুট ৰাখি আৰক্ষী-প্ৰশাসনে জাৰি কৰা নীতি-নিয়ম সুকলমে চলাই আহিছে দাওৰাঝাৰ ইক'ট্যুৰিজিম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। কেৱল সেয়াই নহয় বনভোজস্থলী পৰিষ্কাৰ-পৰিচন্ন ৰখাৰ উপৰিও বনভোজকাৰী দলে যিকোনো অনাকাংক্ষিত সমস্যাৰ সৃষ্টি হ'লেও সহায়ৰ হাত আগবঢ়ায় আহিছে এই সংগঠনটোৱে। বগা মাটিত নিচাজাতীয় দ্ৰব্য, সুৰা নিষিদ্ধ কৰাৰ লগতে শব্দ প্ৰদূষণৰ নিয়ন্ত্ৰণ কৰাৰও নজৰ ৰাখিছে পৰিচালনা সমিতিয়ে ।


TWITTER

FACEBOOK