৬ মে'২০২৪: সমগ্ৰ ৰাজ্যজুৰি প্ৰকৃতিয়ে চলাইছে তাণ্ডৱলীলা । বৰদৈচিলাত তচনচ ৰাজ্যৰ কেইবাটাও প্ৰান্ত । আগন্তুক ৩ দিনলৈ বতৰক লৈ সতৰ্কবানী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰই। ধুমুহাৰ কেইবাটাও ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত ।
প্ৰচণ্ড বৰষুণ,শিলাবৃষ্টি-ধুমুহাৰ কবলত কৰিমগঞ্জ জিলা বিস্তৰ ক্ষতিসাধন। জিলাখনৰ বদৰপুৰ-ভাংগাকে ধৰি বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ তাণ্ডৱে ধ্ৱংস কৰিলে বহু সা-সম্পত্তি। ধুমুহাই উৰুৱাই লৈ গৈছে ভাংগা ৰেল ষ্টেচনৰ টিনপাত । প্ৰচণ্ড ধুমুহা লগতে বৰষুণৰ বাবে জলমগ্ন হৈ পৰিছে ৰে'ল ষ্টেচনটো ।