২১ জানুৱাৰী ২০২৫- নাভূত নাশ্ৰুত কাণ্ড! মোবাইল ফোন নিদিয়াৰ বাবেই ঘৰৰ পৰা পলায়ন ছাত্ৰৰ!
বৰ্তমান সময়ত মোবাইল ফোন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। মোবাইল ফোনৰ প্ৰতি অত্যাধিক আসক্তি আজিকালি বহু সাধাৰণ দৃশ্যত পৰিণত হৈছে। কিন্তু এই মোবাইল ফোনৰ বাবেই অসমত সংঘটিত হৈছে এক আচৰিত ঘটনা। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ আছাদ হুছেইন নামৰ এজন ছাত্ৰই এটা মবাইল ফোনৰ বাবেই ঘৰ এৰি পলায়ন কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনে অভিভাৱকৰ পৰা বিছাৰিছিল এটা Android ফোন। কিন্তু পৰিয়ালৰ লোকে ছাত্ৰজনে বিছৰা Android ফোন দিবলৈ অমান্তি হোৱাৰ বাবেই বা নিদিয়াৰ বাবেই ঘৰ এৰি পলায়ন কৰিছে। বিগত চাৰিদিনে ধৰি নিৰুদ্দেশ হৈ থকা ছাত্ৰজনৰ বিচাৰি নাপায় এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত। উপায়হীন হৈ পৰিয়ালৰ লোকে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।