৬ মে’, ২০২৪ঃ নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰূপহীহাটত ডাম্পাৰৰ খুন্দাত নিহত এজন স্কুলীয়া ছাত্ৰ। আনহাতে আহত হয় আন দুজন ছাত্ৰ।
ৰূপহী বজাৰৰ মাজ মজিয়াত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে তিনিজনকৈ স্কুলীয়া ছাত্ৰক। থিতাতে নিহত হয় এজন ছাত্ৰ। গুৰুত্বৰভাৱে আহত হয় দুজনকৈ ছাত্ৰ।
সংকটজনক অৱস্থাত চিকিত্সালয়ত ভৰ্তি কৰোৱা হয় আহত দুজন ছাত্ৰক। নিহত ছাত্ৰজন গুণাবাৰীৰ মামুদ জামাদ। আহত ছাত্ৰ দুজন গুনাবাড়ীৰ ইক্রমূল হক আৰু গেৰেকীৰ ইতিকাৰ আহমেদ।
ডাম্পাৰখনে মহটিয়ায় নিয়ে এখন মটৰচাইকেলো। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS25EC8723 আৰু মটৰ চাইকেলখনৰ নম্বৰ AS02 AL1637 । ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।