৭ জানুৱাৰী ২০২৫- উমৰাংছ’ৰ কয়লাখনিত জড়িত আছে ৰাজনৈতিক নেতা!
উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে কেইবাজনো শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। কিন্তু খবৰ অনুসৰি বৰ্তমান কয়লা খনিটোত ১০০ ফুট উচ্চতালৈ পানী বৃদ্ধি পাইছে। আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত পানীত ওপঙি থকা অৱস্থাত ৩ শ্ৰমিকৰ মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে। কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ মাজত আছে অসমৰো ৯ জনকৈ শ্ৰমিক। কয়লা খনিত আবদ্ধ ৯জন শ্ৰমিকৰ নাম-ঠিকনা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁলোক হ'ল ক্ৰমে দৰঙৰ হুছেইন আলী, জাকিৰ হুছেইন, মুস্তাফা শ্বেইখ, গংগা বাহাদুৰ শ্ৰেঠ, কোকৰাঝাৰৰ সৰ্প বৰ্মন, খুছী মোহন ৰায়, ডিমা হাচাওৰ লিজান মাগাৰ আৰু শোণিতপুৰৰ শৰত গয়াৰী। উমৰাংছ’ৰ কয়লাখনিত শ্ৰমিক আবদ্ধ হোৱাৰ ঘটনাৰ পিছতে পোহৰলৈ আহিছে কেইবাটাও বিস্ফোৰক তথ্য।ঘটনাৰ পিছতেই ৰাজনৈতিক নেতা প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। খোদ CEM দেৱলাল গাৰ্লোচাৰ নাম সাঙোৰ খাইছে এই ঘটনাত।এই কয়লা খনি চলি আছে কণিকা হোজাইৰ নামত। ডিমা হাছাওৰ CEM দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা হোজাইৰ হৈ কয়লা খনিটো চোৱাচিতা কৰে প্ৰণোজ নুনিছাই।কয়লা খনিটো AMDCৰ দ্বাৰা অনুমোদিত আৰু স্বীকৃতিপ্ৰাপ্ত।ঘটনাৰ প্ৰকৃত সত্য যাতে পোহৰলৈ নাহে তাৰ বাবে শ্ৰমিকক লুকুৱাই ৰখাৰ সন্দেহ কৰা হৈছে। উমৰাংছ’ তিনিকিলোৰ কয়লাখনিত ৰাজনৈতিক নেতা প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই প্ৰশ্ন উঠিছে মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে? দুৰ্নীতি দেখিও একো কৰিব নোৱাৰা প্ৰশাসন এতিয়া নীৰৱ দৰ্শক।
আনহাতে বিশাখাপট্টনমৰ পৰা শীঘ্ৰে ঘটনাস্থলীত উপস্থিত হ’ব ডুবাৰুৰ দল।শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ গভীৰলৈ যাব পৰা ডুবাৰু বিচাৰিছিল চৰকাৰে।অবৈধ কয়লা খনিটোক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে যদিও কিন্তু এতিয়াও কৰ্তৃপক্ষই প্ৰকাশ কৰা নাই আৱদ্ধ শ্ৰমিকৰ সম্পূৰ্ণ তথ্য।