ভঙা জুপুৰিৰ পৰাই ডাক্তৰ হোৱাৰ সপোন পূৰণ হ'ল বৰ্ষাৰ

DY365
DY365
Published: May 5,2024 08:40 AM
DY365

Story highlights

৩ বছৰ বয়সতে পিতৃক হেৰুৱা বৰ্ষা এতিয়া হ'ল ডাঃ বৰ্ষা ছেত্ৰী

৫ মে',২০২৪: ভঙা জুপুৰিৰ পৰাই দেখা সপোন পূৰণ হ'ল এগৰাকী মেধাৱী ছাত্ৰীৰ। তাইৰ নাম বৰ্ষা ছেত্ৰী।  ৩ বছৰ বয়সতে পিতৃহাৰা হোৱা  বৰ্ষা এতিয়া হ'ল ডাঃ বৰ্ষা ছেত্ৰী। চেষ্টাৰ অসাধ্য যে একো নাই সেয়াই প্ৰমাণ কৰি দেখুৱালে জাগীৰোডৰ আমলিঘাটৰ বৰ্ষা ছেত্ৰীয়ে।



পিতৃহীন বৰ্ষাই মাতৃ , আইতাক আৰু খুৰাকৰ ছত্ৰছায়াত লালিত-পালিত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত সুখ্যাতিৰে  উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ডাঃ বৰ্ষা ছেত্ৰীক লৈ আজি উৎফুল্ল অঞ্চলবাসী।



কঠোৰ পৰিশ্ৰম আৰু বহু  প্ৰত্যাহ্বানৰ মাজেৰে সুখ্যাতিৰে  উত্তীৰ্ণ হোৱা বৰ্ষাক গোৰ্খা সংগঠন , বড়ো সাহিত্য সভাৰ নেতৃত্ব, তিৱা স্বায়ত্ত পৰিষদৰ সদস্য , জাগীৰোড সাংবাদিক সমাজ তথা কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ফুলাম গামোচা ,ফুলৰ থোপা,জাপি , কিতাপৰ টোপোলা আদিৰে সম্ৱৰ্ধনা জ্ঞাপন কৰে । 
 


Related

TWITTER

FACEBOOK