কলিয়াবৰৰ আখীৰঙাত পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে নিকিতা শইকীয়া নামৰ প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে

DY365
DY365
Published: May 4,2024 01:46 PM
DY365

Story highlights

কলিয়াবৰৰ আখীৰঙাত পথ দুৰ্ঘটনা।হাটবৰ বামুণী সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ইটাভৰ্তি বাহনৰ খুন্দাত নিহত হয় এগৰাকী কণমানি ছাত্ৰী। প্ৰাণ হেৰুৱালে নিকিতা শইকীয়া নামৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে।

৪ মে’, ২০২৪ঃ কলিয়াবৰৰ আখীৰঙাত পথ দুৰ্ঘটনা।হাটবৰ বামুণী সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ইটাভৰ্তি বাহনৰ খুন্দাত নিহত হয় এগৰাকী কণমানি ছাত্ৰী। প্ৰাণ হেৰুৱালে নিকিতা শইকীয়া নামৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে। কলিয়াবৰ শিশু নিকেতনৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী। 



বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যাওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা। টেম্প’ৰ পৰা নামি ঘৰৰ সন্মুখত ৰাস্তা পাৰ হ’বলৈ লওঁতেই এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ইটাভৰ্তি বাহনখন। পিছত জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে বাহনখন। 



শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কলিয়াবৰৰ আখীৰঙা গাঁৱত। কণমানি সন্তানৰ মৃত্যুত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে সকলো পৰিয়ালৰ সদস্য। আটাইকে এম্বুলেঞ্চৰ জৰিয়তে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে পথ দুৰ্ঘটনাত নিহত হোৱা কণমানিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।




 


Related

TWITTER

FACEBOOK