মেঘালয়ৰ চিবিনাঙ কালীস্থান বজাৰত বিধ্বংসী অগ্নিকাণ্ড

DY365
DY365
Published: April 22,2024 06:19 PM
DY365

Story highlights

মেঘালয়ৰ চিবিনাঙ কালীস্থান বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত হয় দুখনকৈ দোকান।

২২ এপ্ৰিল, ২০২৪ঃ মেঘালয়ৰ চিবিনাঙ কালীস্থান বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত হয় দুখনকৈ দোকান।



মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰী থানাৰ অন্তৰ্গত চিবিনাঙ পুস্কনীপাৰা বজাৰত জুইৰ সুত্ৰপাত হয়।



 অগ্নিকাণ্ডৰ ফলত দুখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নুমুৱাবলৈ  সক্ষম হয়।



দুইখন দোকানৰ প্ৰায় তিনি লক্ষাধিক টকাৰ সা সামগ্ৰী ক্ষয়-ক্ষতি হয়। বৰ্তমানেও জুই লগাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই।


Related

TWITTER

FACEBOOK