আজিৰ দিনটোত ৰাজ্যৰ ২৮খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই

DY365
DY365
Published: May 5,2024 08:29 AM
DY365

Story highlights

জ্যৰ ৪খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট । ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত আহিব পাৰে  ধুমুহা ।

৫ মে',২০২৪: সাৱধান! ৰাজ্যত ক্ৰমাৎ বতৰে লৈছে কালৰূপ ।  আজিৰ দিনটোত ৰাজ্যৰ ২৮খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাতৰ আগজাননী দিয়া হৈছে। বিশেষকৈ ৰাজ্যৰ ৪খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট ।



গোৱালপাৰা , কৰিমগঞ্জ,হাইলাকান্দি, আৰু কাছাৰত জাৰি কৰা হৈছে  অৰেঞ্জ  এলাৰ্ট । ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত  ধুমুহা অহাৰ সম্ভাৱনা আছে। ধুমুহা-বৰষুণৰ লগতে বিজুলী–ঢেৰেকনিৰো পূৰ্ণ সম্ভাৱনা আছে । আন ২৪খন জিলাৰ বাবে জাৰি কৰা হৈছে ইয়েল্ল’ এলাৰ্ট । ৰাজ্যৰ বহু প্ৰান্তত বতৰৰ কালৰূপৰ বাবে বাতিল কৰা হৈছে ৰঙালী বিহুৰ অনুষ্ঠান । ৭ মে’পৰ্যন্ত বিভিন্ন প্ৰান্তত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টি । 


Related

TWITTER

FACEBOOK