৫ মে',২০২৪: দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত অনুষ্ঠিত হোৱা দুলীয়াজান কেন্দ্ৰীয় ৰঙালী উৎসৱত সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে কৰা মন্তব্যকলৈ পুনৰ চৰ্চাত জুবিন গাৰ্গ। মঞ্চত এইবাৰ নিজকে সত্যবাদী হিচাপে প্ৰমাণ দিলে জুবিনে ।
আনে নোকোৱা কথাটো হেনো মুকলিকৈ কয় জুবিন গাৰ্গে । সুৰা পান কৰি অহাৰ কথা স্বীকাৰ কৰি জুবিনে ক'লে -‘মই সঁচা কথাটো কৈ দিওঁ, বেলেগে নকয়’,‘আজি মই সুৰাপান কৰি আহিছো’। অৱশ্যে ইয়াৰ পিছত সুন্দৰকৈ ইটোৰ পিছত সিটো গীত পৰিৱেশন কৰে জুবিন গাৰ্গে।