ধাৰাষাৰ বৰষুণৰ বাবে নষ্ট হ'ল শ শ কৃষকৰ ধানৰ খেতি

DY365
DY365
Published: May 4,2024 09:14 AM
DY365

Story highlights

বৰষুণেই কাল হ'ল কৃষকৰ বাবে। ধাৰাষাৰ বৰষুণৰ বাবে নষ্ট হ'ল শ শ কৃষকৰ ধানৰ খেতি। ৫৪০ হেক্টৰ মাটিৰ প্ৰায দুই কোটি টকাৰ বৰো ধান ক্ষতিগ্রস্ত হৈছে বুলি জনা গৈছে।


৪ মে',২০২৪:  বৰষুণেই কাল হ'ল কৃষকৰ বাবে। ধাৰাষাৰ বৰষুণৰ বাবে নষ্ট হ'ল শ শ কৃষকৰ ধানৰ খেতি।  কাছাৰৰ কাটিগড়াত ধাৰাষাৰ বৰষুণৰ বাবে বানৰ কবলত শ শ বিঘা খেতিপথাৰ। কাটিগড়াৰ চণ্ডীনগৰ, চালিমাবাদ, খেলমা, জাবদা, হিলুয়াটিলা, সুবোধনগৰ, কৰইকান্দি, মহাদেবপুৰ গাঁওৰ শ শ খেতিয়কৰ বৰো নষ্ট হৈ গৈছে বানৰ বাবে।



ভাৰত-বাংলা সীমান্তৰ ছাদিৰখালত থকা এখন ছুইছ গেট বন্ধ কৰি থোৱাৰ বাবেই  এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি দাবী কৰিছে খেতিয়ক সকলে।



কৃষি বিভাগৰ তথ্য অনুসৰি কাটিগড়াত এই পৰ্যন্ত ৫৪০ হেক্টৰ মাটিৰ প্ৰায দুই কোটি টকাৰ বৰো ধান ক্ষতিগ্রস্ত হৈছে বুলি জনা গৈছে। 


Related

TWITTER

FACEBOOK