২৮ ডিচেম্বৰ,২০২৪- আপুনিও পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে নেকি?
আপুনিও পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে নেকি? যদিহে আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে তেনেহলে আপোনাৰ বাবে আহি গ'ল পঞ্চায়ত নিৰ্বাচনৰ গাইডলাইন। পঞ্চায়ত নিৰ্বাচনত
প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হলে বহুকেইটা নিয়ম বান্ধি দিয়া হৈছে। সকলোবোৰ নিয়ম মানিহে আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। কেৱল নিয়ম মনাই নহয় আপোনাৰ থাকিব লাগিব বহু যোগ্যতাও। তলত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হবলৈ আপোনাৰ কি কি কি যোগ্যতা থাকিব লাগিব আৰু কি কি নিয়ম আপুনি মানি চলিব লাগিব সকলোবোৰ উল্লেখ কৰা হ'ল-
গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ন্যূনতম বয়স ২১ বছৰ হ’ব লাগিব। প্ৰাৰ্থী, প্ৰাৰ্থীৰ স্বামী, প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহৰ দৰে অসামাজিক কামত লিপ্ত হ’লে পঞ্চায়ত নিৰ্বাচনৰ বাবে অযোগ্য বিবেচিত হ’ব। অৰ্থাত এনেকুৱা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে প্ৰাৰ্থীগৰাকী মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আনহাতে ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীগৰাকী হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ’ব লাগিব। কিন্তু ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকী মেট্ৰিক উত্তীৰ্ণ হ’ব লাগিব। আনহাতে জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীগৰাকী HS উত্তীৰ্ণ হ’ব লাগিব কিন্তু ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকী মেট্ৰিক উত্তীৰ্ণ হ’ব লাগিব। ১৯ মাৰ্চ ২০১৮ চনৰ আগত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব কিন্তু ১৯ মাৰ্চ ২০১৮ চনৰ পিছত দুটাতকৈ অধিক থকাসকলে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ইয়াৰ মাজতেই দ্বিতীয় সন্তান যমজ সন্তান হ’লে প্ৰাৰ্থীগৰাকী অযোগ্য বিবেচিত নহ’ব।
লগতে নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি ৫ বছৰ নহ’লে অযোগ্য হ’ব। দেউলীয়া ঘোষিত ব্যক্তিও অযোগ্য বিবেচিত হ’ব। সমবায় সমিতিৰ পৰা লোণ লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হোৱাৰ লগতে
বাসস্থানত চেনিটাৰী শৌচালয় নথকা ব্যক্তিও অযোগ্য বিবেচিত হ’ব।চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত থকা ব্যক্তিও পঞ্চায়ত নিৰ্বাচনৰ বাবে অযোগ্য বিবেচিত হ’ব। আনহাতে প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ।নিৰ্বাচন খেলিবলৈ লাগিব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ, বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰ
জাতিগত প্ৰমাণপত্ৰ, খাজনা ৰছিদ, নতুন বেংক একাউণ্ট, গাঁওপ্ৰধানৰ প্ৰমাণপত্ৰ।