বিধ্বস্ত কংগ্ৰেছ, উপনিৰ্বাচনত ৫-০ত ক্লীন চুইপ বিজেপি মিত্ৰজোঁটৰ

DY365
DY365
Published: November 23,2024 07:29 PM
DY365

Story highlights

বিধ্বস্ত কংগ্ৰেছ, উপনিৰ্বাচনত ৫-০ত ক্লীন চুইপ বিজেপি মিত্ৰজোঁটৰ

২৩ নৱেম্বৰ,২০২৪- বিধ্বস্ত কংগ্ৰেছ, উপনিৰ্বাচনত ৫-০ত ক্লীন চুইপ বিজেপি মিত্ৰজোঁটৰ
ঘোষণা হ'ল অসমৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী ফলাফল। চামগুৰি, বঙাইগাঁও, বিহালী, ধলাই আৰু চিদলী- আটাইকেইটা সমষ্টিতে মুখঠেকেচা কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ প্ৰাৰ্থীসমুহৰ। চামগুৰি, বিহালী আৰু ধলাই সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে বঙাইগাঁওত মিত্ৰজোঁট অগপ আৰু চিদলীত UPPL দলৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰে। আনহাতে বহুচৰ্চিত চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ ২৫ বছৰীয়া ৰাজত্বৰ অন্ত পৰিল।  তচনচ হৈ পৰিল ৰকিবুল হুচেইনৰ দুৰ্গ চামগুৰি। বিজেপি দলৰ দীপ্লুৰঞ্জন শৰ্মাৰ হাতত পৰাজিত হ'ল ৰকিবুল হুছেইনৰ পুত্ৰ তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন। বিহালীতো নচলিল সাংসদ গৌৰৱ গগৈৰ যাদু। বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ হাতত পৰাস্ত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা। আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাঁও সমষ্টিত অগপ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীৰ হাতত পৰাস্ত কংগ্ৰছ প্ৰাৰ্থী ব্ৰজেনজিত সিংহ। একেদৰে ছিদলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ জয়ী হোৱাৰ লগতে ধলাই সমষ্টিতো শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে। 
উপনিৰ্বাচনৰ ৫ সমষ্টিত কোন প্ৰাৰ্থী জয়ী হ'ল কিমান ভোটৰ ব্যৱধানত--
বিহালী সমষ্টিত ৯,০৫১টা ভোটৰ ব্যৱধানত জয়ী বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল
চামগুৰি সমষ্টিত ২৬,২০০টা ভোটৰ ব্যৱধানত জয়ী বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা
বঙাইগাঁও সমষ্টিত ৭৪,৭৩৪টা ভোটৰ ব্যৱধানত জয়ী অগপ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰী
ছিদলী সমষ্টিত ৯৫,২৪৩টা ভোটৰ ব্যৱধানত জয়ী UPPL দলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম  
ধলাই সমষ্টিত ৯,০৯৮টা ভোটৰ ব্যৱধানত জয়ী বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস।


TWITTER

FACEBOOK