সাৱধান, ৰাজপথতেই জব্দ হ'ব পাৰে আপোনাৰ বাহন!

DY365
DY365
Published: December 29,2024 05:06 PM
DY365

Story highlights

সাৱধান, ৰাজপথতেই জব্দ হ'ব পাৰে আপোনাৰ বাহন!

২৯ ডিচেম্বৰ,২০২৪-  সাৱধান, ৰাজপথতেই জব্দ হ'ব পাৰে আপোনাৰ বাহন!
যান বাহনৰ গৰাকী সকল সাৱধান হওক। ৩১ ডিচেম্বৰৰ পিছত ৰাজপথতেই জব্দ হব পাৰে আপোনাৰ মৰমৰ বাহনখন। পৰিবহন বিভাগৰ নিয়ম উলংঘা কৰা যান বাহনৰ গৰাকীসকলৰ হাতত আছে মাথো দুটা দিন। বকেয়া কৰ পৰিশোধ কৰিবলৈ থকা বাহনৰ গৰাকীসকলে ৩১ ডিচেম্বৰৰ ভিতৰত পৰিশোধ কৰক বকেয়া কৰ।অন্যথা ৰাজপথতেই পৰিৱহন বিভাগে জব্দ কৰিব আপোনাৰ বাহনখন। বকেয়া কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে নতুন বছৰত চলিব তীব্ৰ অভিযান। ইতিমধ্যে ৪০০ কোটিৰ বকেয়া কৰ সংগ্ৰহ কৰি অভিলেখ গঢ়িছে পৰিৱহন বিভাগে। 
আনহাতে ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ উপলক্ষে সুৰাপায়ী চালকৰ বিৰুদ্ধেও ৰঙা চকু পৰিবহন বিভাগৰ।সুৰাপান কৰি যাতে কোনেও বাহন চলাব নোৱাৰে তাৰ বাবে ৩১ ডিচেম্বৰ, ১ জানুৱাৰীত ওৰে নিশা চলিব অভিযান। সুৰাপান কৰি বাহন চলালে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে ৬ মাহৰ বাবে আপোনাৰ লাইচেন্স বাতিল হব আৰু এটা নিশাৰ বাবে আপুনি লক আপৰ আলহী হ'ব লাগিব।গতিকে সাৱধান হওক, নতুন বছৰৰ পূৰ্বে এই সমূহ ভুল নকৰিব। অন্যথা আপোনাৰ বিপদ নিশ্চিত।


TWITTER

FACEBOOK