পেট্ৰ'ল পাম্পত তেল ভৰাওতে আপুনিও সাৱধান হওক!

DY365
DY365
Published: March 5,2025 06:00 PM
DY365

Story highlights

পেট্ৰ'ল পাম্পত তেল ভৰাওতে আপুনিও সাৱধান হওক!

৫ মাৰ্চ,২০২৫-  পেট্ৰ'ল পাম্পত তেল ভৰাওতে আপুনিও সাৱধান হওক!



পেট্ৰ'ল পাম্পত তেল ভৰাওতে আপুনিও সাৱধান হওক! গোলাঘাটৰ পুলিবৰস্থিত এটা পেট্ৰ'ল পাম্পত তেল ভৰাবলৈ আহি ৰাম ঠগন খালে এজন গ্ৰাহকে। Indane Oilৰ এটা পেট্ৰল পাম্পত সংঘটিত হৈছে এই ঘটনা। পেট্ৰ'ল পাম্পটোত ৫০০ টকা আদায় দি এজন গ্ৰাহকে পালে ১০০ টকাৰ পেট্ৰ'ল। হিলাল আহমেদ নামৰ লোকজনে আজি দিনৰ ভাগত তেল ভৰাবলৈ আহি এই প্ৰৱঞ্চনাৰ বলি হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি পেট্ৰল পাম্পটোৱে গ্ৰাহকক এনেদৰে ৰাম ঠগন দি অহাৰ অভিযোগ এতিয়া উথাপন হৈছে। নানান অভিযোগৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ বাবে আজি পুনৰ এজন গ্ৰাহকক ঠগন দিয়ে পেট্ৰল পাম্প কৰ্তৃপক্ষই‌। আনহাতে কেমেৰাৰ আগত বিস্ফোৰক স্বীকাৰোক্তি পাম্পটোৰ কৰ্মচাৰীৰ। দৈনিক ৪-৫ খন গাড়ীৰ পৰা এনেদৰে পেট্ৰ'ল হৰলুকি কৰে পেট্ৰল পাম্পটোৰ কৰ্তৃপক্ষই।


Related

TWITTER

FACEBOOK