২৭ ডিচেম্বৰ,২০২৪- আজিৰে পৰা খানাপাৰাত ‘অসম গ্ৰন্থমেলা’
আজিৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ল ‘অসম গ্ৰন্থমেলা’। প্ৰথমবাৰৰ বাবে খানাপাৰাত অনুষ্ঠিত হোৱা ‘অসম গ্ৰন্থমেলা’ অহা ৭ জানুৱাৰীলৈ ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। প্ৰতিবছৰে ডিচেম্বৰ আৰু জানুৱাৰী মাহত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাত ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১১৮টা প্ৰকাশন গোষ্ঠী তথা বিপণীয়ে যোগদান কৰিছে ৷ ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১৬টা, কলকাতাৰ ১৫টা আৰু পাঞ্জাৱৰ ২টা প্ৰকাশন গোষ্ঠী ৷
প্ৰকাশিত খবৰ অনুসৰি এইবাৰ গ্ৰন্থমেলাত বাংলা ভাষাৰ গ্ৰন্থৰ বিপনীৰ সংখ্যা কম হ’ব বুলি ধাৰণা কৰা হৈছে । কিয়নো বালাংদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতা আৰু বাংলাদেশীৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগে দুয়োখন দেশৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে । ইফালে বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ দাবী ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । ইয়াৰ ফলস্বৰূপে সুৰক্ষাজনিত কাৰণত অসম গ্ৰন্থমেলাত বাংলাদেশৰ গ্ৰন্থ বিপনীসমূহে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।