৯ ফেব্ৰুৱাৰী,২০২৫- পুনৰ একত্ৰিত হ'ব অসমৰ বিৰোধী!
পুনৰ একত্ৰিকৰণৰ দিশে আগবাঢ়িছে ৰাজ্যৰ বিৰোধী দলসমূহ। দিল্লী বিধান সভা নিৰ্বাচনত আপ আৰু কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছতেই অসমত তৎপৰতা বৃদ্ধি পাইছে বিৰোধী শিবিৰৰ। পুনৰ একত্ৰি কৰণৰ দিশে আগবাঢ়িছে ৰাজ্যৰ বিৰোধী দলসমূহ । বিৰোধী ভোট বিভাজন নহবলৈ উমৈহতীয়া ভাবে নিৰ্বাচন খেলাৰ পোষকতা বিৰোধীৰ ।
দিল্লীৰ বিধান সভা নিৰ্বাচনত আপ চৰকাৰৰ পতনৰ পিছতে হঠাৎ তৎপৰ হৈছে ৰাজ্যৰ বিৰোধী শিবিৰ । বিৰোধী শিবিৰৰ ভোট বিভাজন ৰুধিবলৈ ৰণকৌশলৰ প্ৰস্তুত প্ৰদেশ কংগ্ৰেছৰ। ৰাজ্যত অনুষ্ঠিত উপ নিৰ্বাচনৰ সময়তে ভাঙি থান বান হৈছিল বিৰোধী ঐক্য । সেয়ে এতিয়া পুনৰ বিৰোধী একত্ৰিত হৈ আগবঢ়াৰ পোষকতা APCC সভাপতি ভূপেন বৰাৰ । একেদৰে অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়েও বিৰোধী দলসমূহৰ একত্ৰীকৰণক সমৰ্থন জনাইছে। লুৰিনজ্যোতি গগৈৰ মতে বিৰোধী এক নহলে বিজেপিক ৰোধ কৰা অসম্ভৱ।
উল্লেখ্য যে সকলো বিৰোধী দলক পুনৰ একত্ৰিত কৰিবলৈ আগভাগ লৈছে প্ৰদেশ কংগ্রেছে । ইতিমধ্যে অখিল গগৈৰ সৈতে আলোচনা অব্যাহত ৰাখিছে কংগ্ৰেছে । কিন্তু শাসকীয় দলৰ ৰণকৌশলত বিৰোধী শিবিৰৰ তৎপৰতা কিমান সফল হয় সেয়া সময়ে নিৰূপণ কৰিব ।