২ফেব্ৰুৱাৰী,২০২৫: নিয়তিৰ নিষ্ঠুৰ পৰিহাস! বিয়ালৈ আছিল এমাহ। বিয়াখনক লৈ ঘৰখনত বিৰাজ কৰিছিল উত্থপ থপ পৰিৱেশে। কিন্তু বিয়াৰ প্ৰস্তুতিৰ মাজতেই সংঘটিত হ'ল এক ভয়কৰ ঘটনা। এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ১ মাহ পিছত দৰাৰ সাজ পৰিধান কৰিবলগীয়া নয়ন শৰ্মা নামৰ যুৱকজনৰ।
চাইকেলেৰে বৰকুছিস্থিত নিজ বাসগৃহৰ পৰা মিৰ্জা অভিমুখে গৈ থকা অৱস্থাত গুৱাহাটীৰ পৰা ধুবুৰীলৈ গৈ থকা তীব্ৰবেগী AS- 01- RC- 8323 নম্বৰৰ বাছখনে চাইকেল সৈতে মহতিয়াই লৈ যায় যুৱকজনক। দুৰ্ঘটনাটোত থিতাতে নিহত হয় নয়ন শৰ্মা নামৰ যুৱকজনৰ। দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ বৰকুছিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।