ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যুত আঁকোৱালি ললে স্বামী-স্ত্ৰীয়ে

DY365
DY365
Published: February 2,2025 07:11 PM
DY365

Story highlights

ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যুত আঁকোৱালি ললে স্বামী-স্ত্ৰীয়ে

২ ফেব্ৰুৱাৰী ২০২৫- ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যুত আঁকোৱালি ললে স্বামী-স্ত্ৰীয়ে



ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি ললে এটা দম্পতীয়ে। দৰং জিলাৰ দলগাঁৱৰ শিলবৰীত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুত আঁকোৱালি ললে স্বামী-স্ত্ৰী মুছলিমুদ্দিন আৰু মাজেদাই। ২ সন্তানসহ বাইকেৰে আহি থাকোঁতেই মালবাহী ট্ৰাকে মহটিয়াই নিয়ে পৰিয়ালটিক। ইয়াৰ পিছতেই ট্ৰাকৰ চেপাত নিহত হ'ল স্বামী মুছলিমুদ্দিন আৰু পত্নী মাজেদা খাতুন। অৰ্থাত নিমিষতে থান-বান হৈ গ’ল এটা পৰিয়াল। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুই সন্তান মাৰজব আলী আৰু আৰ্তিকা বেগম। দুই সন্তানক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।


TWITTER

FACEBOOK