শিক্ষিত হোৱাৰ সপোন লৈ মেট্ৰিক পৰীক্ষাত বহিল ৪০ বছৰীয়া ব্যক্তি

DY365
DY365
Published: February 15,2025 04:48 PM
DY365

Story highlights

শিক্ষিত হোৱাৰ সপোন লৈ মেট্ৰিক পৰীক্ষাত বহিল ৪০ বছৰীয়া ব্যক্তি

 ১৫ফেব্ৰুৱাৰী ২০২৫-  শিক্ষিত হোৱাৰ সপোন লৈ মেট্ৰিক পৰীক্ষাত বহিল ৪০ বছৰীয়া ব্যক্তি



আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যত ৯৪৪টা কেন্দ্ৰত অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী। কিন্তু এইবাৰৰ পৰীক্ষাত দেখিবলৈ পোৱা গল এজন বিশেষ পৰীক্ষাৰ্থী। মনত দুৰ্বাৰ হেপাহ লৈ মেট্ৰিক পৰীক্ষা দিবলৈ আহিল চল্লিশ বছৰীয়া ওহাব আলি নামৰ লোকজন। 
   
দৰঙৰ বাঁহগড়া গণেশকুঁৱৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছে ওহাব আলি নামৰ লোকজন। সেই সময়ত ওচৰত বিদ্যালয় নথকা বাবে আৰু দৰিদ্ৰতাৰ বাবে ওহাব আলিৰ নিজকে শিক্ষিত কৰাৰ সপোন আধৰুৱা হৈ ৰৈছিল। সেয়ে চল্লিশ বছৰ বয়সত মেট্ৰিকৰ দেওনা পাৰ হবলৈ আহিল লোকজন। উল্লেখ্য যে ওহাব আলি নামৰ লোকজনৰ নিজৰ সন্তানো বৰ্তমান অষ্টম মান শ্ৰেণীত পঢ়ি আছে।


Related

TWITTER

FACEBOOK