জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১

DY365
DY365
Published: May 2,2024 11:11 AM
DY365

Story highlights

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। চকীঘাটৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১জন।

২ মে’, ২০২৪ঃ জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। চকীঘাটৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১জন।



দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হোৱাৰ লগতে আন এজন আৰোহী গুৰুত্বৰভাৱে আহত হয়। জামুগুৰিহাটৰ চকীঘাটৰ সমীপত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।



নিহত বাইক আৰোহীজন মানচিৰি বালিজানৰ ৰেকিব আলী বুলি জানিব পৰা গৈছে। একে দিশে গৈ থকা এখন ট্ৰাকৰ পিছফালে তীব্ৰবেগী AS-12-AE-7089 নম্বৰৰ বাইকে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনা।



গুৰুত্বভাৱে আহত জেহিৰুল ইছলামক সংকটজনক অৱস্থাত তেজপুৰ চিকিত্‍সালয়লৈ প্ৰেৰণ কৰা হয়।




 


Related

TWITTER

FACEBOOK