৬ মে’, ২০২৪ঃ ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। লেখাপানী আৰক্ষীয়ে গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কেনিয়া দলঙৰ সমীপত চলায় অভিযান।
অভিযানত জব্দ ১০ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰৰ লগতে তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে তেজ বাহাদুৰ ছেত্ৰী, বিমল ছেত্ৰী আৰু দীপক ছেত্ৰী।
১১২ গ্ৰাম ড্ৰাগছ সহ এখন AS-23X 3472 নম্বৰৰ বাইকৰ লগতে এখন নম্বৰ প্লেট বিহীন বাইক জব্দ কৰিবলৈ সক্ষম হয়। লগতে তিনিটা মোবাইল জব্দ কৰে লেখাপানী আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা।
আনহাতে আটকাধীন সৰবাৰহকাৰী দীপক ছেত্ৰীৰ বাসগৃহত চলাই অভিযান। জাগুন আৰক্ষী চকীৰ অন্তৰ্গত টংক পথাৰস্থিত বাসগৃহত অভিযান চলাই পুনৰ ১৪ টা ড্ৰাগছ ভৰ্তি জব্দ কৰে।
মাৰ্ঘেৰিটা মহকুমাৰ আৰক্ষী বিষয়া সম্ভাৱী মিশ্ৰৰ নেতৃত্বত চলিছিল ড্ৰাগচ বিৰোধী অভিযান। দুটা স্থানৰ পৰা মুঠ ২৪ টা পেকেটসহ সৰ্বমুঠ ২৬০ গ্ৰামত কৈ অধিক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৩ লাখৰো অধিক বুলি জানিব পৰা গৈছে।