কাজিৰঙালৈ অহা পৰ্যটকৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি

DY365
DY365
Published: April 9,2021 02:52 PM
DY365

Story highlights

কাজিৰঙালৈ অহা পৰ্যটকৰ দেহতো পোৱা গৈছে ক’ভিডৰ সংক্ৰমণ। হাৰিয়ানাৰ পৰা অহা তিনিজন লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।

৯ এপ্ৰিল, ২০২১: কাজিৰঙালৈ অহা পৰ্যটকৰ দেহতো পোৱা গৈছে ক’ভিডৰ সংক্ৰমণ। হাৰিয়ানাৰ পৰা অহা তিনিজন লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ। কাজিৰঙা পৰিদৰ্শন কৰাৰ পূৰ্বে পৰ্যটককেইজনৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি। কঁহৰাৰ ফ্ল’ৰিকান ৰিজ’ৰ্টত বাহৰ পাতিছিল তিনিওজন পৰ্যটকে। প্ৰদীপ কুমাৰ (২৮), বি অনুশা (২৬) আৰু সুজাতা দেৱী (২৩)ৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে পৰ্যটক কেইগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা নাই৷ পূৰ্বেই তেঁওলোকৰ দেহত ক’ভিডৰ লক্ষণ দেখা দিয়াত পৰীক্ষাৰ পাছত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ৷ ইপিনে কাজিৰঙাত তিনিজনকৈ লোকৰ দেহত ক'ৰণাৰ উপস্থিতি ধৰা পৰাৰ পিছত পুনৰ তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ৷ 
 


Related

TWITTER

FACEBOOK