ৰাজ্যত মহামাৰীয়ে পুনৰ ভয়ংকৰ ৰূপ লোৱাৰ সময়তে অশোকাষ্টমী উপলক্ষে ধুবুৰীত ভিৰ কৰিছেহি বিভিন্ন প্ৰান্তৰ অগণন ভক্তই

DY365
DY365
Published: April 20,2021 10:01 AM
DY365

Story highlights

মঙলবাৰে অশোকাষ্টমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া পশ্চিমবংগ, মেঘালয়ৰ পৰাও ব্ৰহ্মপুত্ৰত স্নান কৰিবৰ বাবেই ভিৰ কৰিছে ধুবুৰী নগৰত।

২০ এপ্ৰিল, ২০২১: মঙলবাৰে অশোকাষ্টমী। ৰাজ্যত মহামাৰীয়ে পুনৰ ভয়ংকৰ ৰূপ লোৱাৰ সময়তে অশোকাষ্টমী উপলক্ষে ধুবুৰীত ভিৰ কৰিছেহি বিভিন্ন প্ৰান্তৰ অগণন ভক্তই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া পশ্চিমবংগ, মেঘালয়ৰ পৰাও ব্ৰহ্মপুত্ৰত স্নান কৰিবৰ বাবেই ভিৰ কৰিছে ধুবুৰী নগৰত। কিন্তু প্ৰশাসনে এইসকলৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱাত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ভক্তসকলে। নিশাটো ক’ত থাকিব, কি খাব, তাকে লৈ অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে হাজাৰ হাজাৰ ভক্তই। এনে পৰিস্থিতিত মঠ-মন্দিৰ, বাটেঃঘাটে নিশাটো আশ্ৰয় ল’বলগীয়া হৈছে শিশু-মহিলাৰ পৰা বৃদ্ধজনলৈকে। স্বাভাৱিকতে জিলা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহি হাৰাশাস্তিৰ সন্মুখীন হোৱা ভক্তই।
 


Related

TWITTER

FACEBOOK