পুৰুষমুক্ত হ'ব নেকি পৃথিৱী? অধ্যয়নে দিলে অশনি সংকেত।

DY365
DY365
Published: November 4,2024 05:01 PM
DY365

Story highlights

পুৰুষমুক্ত হ'ব নেকি পৃথিৱী? অধ্যয়নে দিলে অশনি সংকেত।

৪ নৱেম্বৰ ২০২৪- পুৰুষমুক্ত হ'ব নেকি পৃথিৱী? অধ্যয়নে দিলে অশনি সংকেত।



বিভিন্নসময়ত শুনা যায় ভ্ৰুণ হত্যাৰ কথা। পুত্ৰ সন্তান জন্ম নিদিয়াৰ বাবে মহিলাসকলক হাৰাশাস্তি কৰাৰ খবৰো আমি কেতিয়াবা শুনিবলৈ পাওঁ। কিন্তু বিজ্ঞানে কয় যে সন্তানটো ল’ৰা হ’ব নে ছোৱালী হ’ব সেয়া পিতৃৰ ক্ৰম’জমৰ ওপৰত নিৰ্ভৰ কৰে। এগৰাকী মহিলাই পুৰুষৰ Y ক্ৰম’জমৰ সহায়তহে পুত্ৰ সন্তান জন্ম দিব পাৰে। কিন্তু যদি Y ক্ৰম’জম ক্ৰমান্বয়ে ধ্বংস হৈ যায় তেন্তে কি হ’ব? তেতিয়া পৃথিৱীত পুৰুষ থাকিবনে? এটা অধ্যয়নত গৱেষকসকলে Y ক্ৰম’জমৰ সন্দৰ্ভত এক আশংকা ব্যক্ত কৰিছে।
প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছ নামৰ আলোচনীখনত Y ক্ৰম’জমৰ সংকোচন সম্পৰ্কে এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছিল।কেইবছৰমান আগৰ এখন গৱেষণা পত্ৰত কোৱা হৈছিল যে মানুহৰ Y ক্ৰম’জম ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে। বিজ্ঞানীসকলে কয় যে ক্ৰমান্বয়ে সংকুচিত হোৱাৰ বাবেই অৱশেষত ৱাই ক্ৰম’জম ধ্বংস হ’ব পাৰে।
অধ্যাপিকা জেনী গ্ৰেভছে এই অধ্যয়ন সন্দৰ্ভত ব্যাখ্যা কৰি কয় যে অষ্ট্ৰেলিয়াৰ স্তন্যপায়ী প্লেটিপাছ পৰীক্ষা কৰাৰ পিছত ইয়াৰ XY ক্ৰম’জমৰ এটা স্বাভাৱিক যোৰ থাকে। যিবোৰৰ জিন একে। এতিয়া মানুহৰ X ক্ৰম’জমত প্ৰায় ৯০০ জিন আছে। RY ত ৫৫ টা জিন আৰু বৃহৎ পৰিমাণৰ নন-ক’ডিং DNA থাকে। অৰ্থাৎ যোৱা ১৬.৬ কোটি বছৰত Y ক্ৰম’জমৰ বাকী থকা জিনবোৰ হেৰাই গৈছে। প্ৰতি নিযুত (১০ লাখ) বছৰৰ মূৰে মূৰে প্ৰায় ৫টা জিন হেৰাই যায়। যদি এনেদৰে চলি থাকে তেন্তে শেষৰ ৫৫টা জিন ১ কোটি ১০ লাখ (১১০ লাখ) বছৰৰ পাছত বিলুপ্ত হৈ যাব।
  মানুহৰ অস্তিত্ব পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব নেকি? এই প্ৰশ্নৰ উত্তৰত অধ্যাপক গ্ৰেভছে কয় যে অধ্যয়নত দেখা গৈছে যে নতুন লিংগ নিৰ্ণয়কাৰী জিন উদ্ভাৱন কৰিব পৰা যায়। অৱশ্যে বিষয়টো ইমান সহজ নহয় বুলিও গ্ৰেভছে মন্তব্য কৰে। নতুন লিংগ নিৰ্ণয়কাৰী জিনৰ বিকাশৰ লগত বিপদো আহিব পাৰে। অৰ্থাত এতিয়াৰ পৰা ১১ কোটি বছৰৰ পাছত যদি কোনোবাই পৃথিৱীলৈ আহে তেন্তে তেওঁলোকে মানুহৰ কোনো লেখ-জোখ বিচাৰি নাপাব।


TWITTER

FACEBOOK