২৩ ফেব্ৰুৱাৰী ২০২৫- পুনৰ টুকুৰা টুকুৰ হ’ব নেকি পাকিস্তান?
চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক আৰ্থিক সংকটে জুৰুলা কৰাৰ সময়তেই ৰাষ্ট্ৰখনে এইবাৰ আভ্যন্তৰীণ ৰাজনৈতিক সংকটৰ সৈতেও যুঁজ দিববলগীয়া হৈছে। ১৯৭১ চনত পাকিস্তানৰ পৰা বিচ্ছিন্ন হৈ বাংলাদেশ স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত বেলুচিস্তান প্ৰদেশতো সুকীয়া ৰাজ্যৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন চলি আহিছে। এনে পৰিস্থিতিত মৌলানা ফজলুৰ ৰেহমানে পাকিস্তানৰ সংসদত বেলুচিস্তানৰ বিষয়ে কৰা এটা মন্তব্যৰ পিছতেই ক্ৰমাগতভাৱে বৃদ্ধি পাইছে শংকা। অৰ্থাৎ বাংলাদেশৰ ৰূপত দেশৰ এটা অংশ ছিন্ন হোৱাৰ পিছত এতিয়া পাকিস্তানৰ আন এক অংশ পৃথক হৈ পৰাৰ সম্ভাৱনাই গা কৰি উঠিছে।
পাকিস্তানত সম্প্ৰতি পৃথক বেলুচিস্তানৰ দাবী অধিক বৃদ্ধি পাইছে। এনে পৰিস্থিতিত পাকিস্তানৰ সাংসদ মৌলানা ফজলুৰ ৰেহমানে উদ্বেগ প্ৰকাশ কৰিছে। বেলুচিস্তান এতিয়া ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত নাই বুলি উদ্বেগ প্ৰকাশ কৰি সাংসদগৰাকীয়ে লগতে প্ৰদেশখনৰ ৫-৭খন জিলাৰ অৱস্থা এনে হৈ পৰিছে যে যদিহে স্বাধীনতা ঘোষণা কৰে, পিছদিনাই ৰাষ্ট্ৰসংঘই স্বীকৃতি দিব বুলিও সকীয়াই দিয়ে। ফজলুৰ ৰেহমানৰ এই ভাষণৰ পিছতে ফ্ৰী বেলুচিস্তান মুভমেণ্ট, চমুকৈ FBM- এ অঞ্চলটোৰ উন্নয়ন আৰু শান্তিৰ বাবে বেলুচিস্তান স্বাধীন হোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে। ফজলুৰ ৰেহমানৰ ভাষণৰ পিছতে এফ বি এমে কয় যে এই অঞ্চলৰ উন্নয়ন আৰু শান্তিৰ বাবে বেলুচিস্তান স্বাধীন হোৱাৰ প্ৰয়োজন।
পাকিস্তানৰ এই প্ৰদেশখনত সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি সমাজকৰ্মীলৈকে বহু লোকক ন্যায় বহিৰ্ভূতভাৱে হত্যা কৰাৰ অভিযোগ বাৰে বাৰে উত্থাপিত হৈছে। এই বেলুচিস্তান প্ৰদেশ ধাৰাবাহিক হিংসা, হত্যা, অপহৰণৰ দৰে অপৰাধমূলক কাৰ্যৰ বাবে অৰ্থনৈতিকভাৱে পিছপৰা বুলি বিশেষজ্ঞসকলে আঙুলিয়াই দিছে। আনকি প্ৰদেশখনত নূন্যতম আন্তঃগাঁথনিৰ অভাৱো পৰিলক্ষিত হৈছে।
এনে পৰিস্থিতিত ১৯৭১ চনত পাকিস্তানৰ পৰা ফালৰি কাটি বাংলাদেশ গঠন হোৱাৰ দৰে এতিয়া পৃথক বেলুচিস্তানৰ ৰূপত পুনৰ এবাৰ পাকিস্তানৰ অংগছিন্ন হ’ব নেকি, সেয়া লক্ষণীয় হ’ব।