২৭ জানুৱাৰী ২০২৫- বাংলাদেশ-পাকিস্তানৰ ঘনিষ্ঠতাই জটিলতা বঢ়াব নেকি উত্তৰ পূব ভাৰতৰ?
হঠাতেই বাংলাদেশ আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ ঘনিষ্ঠতা ৰহস্যজনকভাৱে বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে পাকিস্তানত থকা বাংলাদেশৰ ৰাষ্ট্ৰদূত মহম্মদ ইকবাল হুছেইনে দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই সেৱা ২০১৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ব, যাৰ ফলত বিগত পাঁচ বছৰৰ ব্যৱধানৰ অন্ত পৰিব। সংবাদমেলৰ সময়ত ৰাষ্ট্ৰদূত হুছেইনে কয় যে এই পদক্ষেপে দুয়োখন দেশৰ মাজত সম্পৰ্ক যথেষ্ট পৰিমানে উন্নত কৰিব। অৱশ্যে কেতিয়াৰ পৰা বিমান সেৱা আৰম্ভ হ’ব সেয়া স্পষ্ট কৰা নাই।
সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত ৰাষ্ট্ৰদূত হুছেইনে পাকিস্তান আৰু বাংলাদেশৰ মাজত বৃদ্ধি পোৱা বাণিজ্য আৰু কূটনৈতিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বাংলাদেশী যুৱক-যুৱতীসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ অধিকাৰৰ বাবে মাত মাতিবলৈ সুযোগ পাইছে। চট্টগং আৰু কৰাচী বন্দৰক লৈ দুয়োখন দেশৰ মাজত বাণিজ্য বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। তেওঁ খাইবাৰ পখতুনখোৱাত স্বাস্থ্য আৰু উদ্যোগ খণ্ডত বৃহৎ বিনিয়োগৰ সুবিধাৰ বিষয়েও আলোচনা কৰে, যিয়ে ব্যৱসায়ত সহায় কৰিব পাৰে। লগতে ৰাষ্ট্ৰদূত হুছেইনে বাংলাদেশ আৰু পাকিস্তানৰ মাজত প্ৰতিৰক্ষা খণ্ডত ক্ৰমবৰ্ধমান সহযোগিতাৰ বিষয়েও আলোচনা কৰে। শেহতীয়াকৈ বাংলাদেশৰ এগৰাকী জ্যেষ্ঠ সামৰিক বিষয়াই পাকিস্তান ভ্ৰমণ কৰি পাকিস্তানৰ সেনা প্ৰধানসকলক সাক্ষাৎ কৰে। দুয়োখন দেশে প্ৰতিৰক্ষা খণ্ডত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্য প্ৰকাশ কৰে।
কিন্তু প্ৰশ্ন হৈছে কিয় বাংলাদেশ-পাকিস্তানৰ মাজত হঠাতেই ঘনিষ্ঠতা বৃদ্ধি পাইছে? কিয় বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিছে? পাকিস্তানলৈ পোনপটীয়া বিমান সেৱা ঘোষণা কৰা বাংলাদেশ চৰকাৰে ভিছা, প্ৰতিনিধি প্ৰেৰণৰ ক্ষেত্ৰটো দুয়োখন দেশৰ মাজত নীতি-নিয়ম শিথিল কৰিছে। এতিয়াৰে পৰা ইচ্ছা কৰিলেই বাংলাদেশ আৰু পাকিস্তান ভ্ৰমণ কৰিব পাৰিব দুয়োখন দেশৰ নাগৰিকে।