বিশ্বৰ আটাইতকৈ ধনী ১০ দহগৰাকী মুছলমান কোন?
আমি সকলোৱে জানো যে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজন হৈছে টেছলা আৰু ষ্টাৰলিংকৰ মুৰব্বী ইলন মাস্ক, যাৰ সম্পত্তিৰ পৰিমাণ ৩৫৫.২ বিলিয়ন মাৰ্কিন ডলাৰ। ইয়াৰ পিছতেই বিশ্বৰ দ্বিতীয় সৰ্বাধিক ধনী ব্যক্তিজন হৈছে ২৩৯.৯ বিলিয়ন মাৰ্কিন ডলাৰ নেট ৱৰ্থৰে আমাজনৰ বৰ্তমান কাৰ্যবাহী অধ্যক্ষ জেফ বেজোছ। কিন্তু আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ধনী মুছলমানজন কোন?
বিশ্বৰ আটাইতকৈ ধনী মুছলমান ব্যক্তি হৈছে আমেৰিকাৰ শ্বাহিদ খান। ১৬ বছৰ বয়সতে পাকিস্তান এৰি আমেৰিকালৈ গুচি যোৱা শ্বাহিদ খানৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩.৬ বিলিয়ন মাৰ্কিন ডলাৰ।
ধনী মুছলমান ব্যক্তিৰ দ্বিতীয় স্থানত আছে ভাৰতৰ ৱিপ্ৰ’ লিমিটেডৰ প্ৰতিষ্ঠাপক আজিম হাছিম প্ৰেমজী, যাৰ সম্পত্তিৰ পৰিমাণ ১২ বিলিয়ন মাৰ্কিন ডলাৰ।
ধনী মুছলমান ব্যক্তিৰ ১০.৭ বিলিয়ন মাৰ্কিন ডলাৰেৰে তৃতীয় স্থানত আছে ৰাছিয়াৰ চুলেইমান কেৰিমভ।
৮.৩ বিলিয়ন মাৰ্কিন ডলাৰেৰে বিশ্বৰ চতুৰ্থ ধনী মুছলমান ব্যক্তি হৈছে ৰাছিয়াৰ ইস্কাণ্ডাৰ মাখমুডভ।
বিশ্বৰ পঞ্চম ধনী মুছলমান ব্যক্তি হৈছে প্ৰায় ৭.৮ বিলিয়ন মাৰ্কিন ডলাৰেৰে ইউ এ ইৰ এম এ ইউছুফ আলী।
৫.১ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰে ষষ্ঠ স্থানত আছে সংযুক্ত আৰব আমিৰশ্বাহীৰ হুছেইন সাজৱানী।
বিশ্বৰ সপ্তম ধনী মুছলমান ব্যক্তি হৈছে ৫.১ বিলিয়ন মাৰ্কিন ডলাৰেৰে টুৰ্কিয়েৰ মুৰাট আলকাৰ।
৫ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ অষ্টম ধনী মুছলমান ব্যক্তি হৈছে কাজাখস্তানৰ টাইমুৰ কুলিবায়েভ।
৫.২ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰে ধনী মুছলমান ব্যক্তিৰ নৱম স্থানত আছে নাইজেৰিয়াৰ আব্দুল ছামাদ ৰবিউ।
৩.৯ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ দশম ধনী মুছলমান হৈছে আব্দুল্লা বিন আহমেদ আল ঘুৰাই।