ট্ৰাম্পৰ সিদ্ধান্ত! উভতিব লাগিব আমেৰিকাত থকা ভাৰতীয়!

DY365
DY365
Published: December 14,2024 02:21 PM
DY365

Story highlights

ট্ৰাম্পৰ সিদ্ধান্ত! উভতিব লাগিব আমেৰিকাত থকা ভাৰতীয়!

১৪ ডিচেম্বৰ,২০২৪-  ট্ৰাম্পৰ সিদ্ধান্ত! উভতিব লাগিব আমেৰিকাত থকা ভাৰতীয়! 



আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰা নাই যদিও তেওঁৰ প্ৰশাসনে অনুপ্ৰৱেশকাৰীৰ ওপৰত কঠোৰ আইন কাৰ্যকৰী কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। নিৰ্বাচনৰ সময়ত ট্ৰাম্পে অবৈধ প্ৰব্ৰজনৰ সন্দৰ্ভত চৰকাৰে কঠোৰ সিদ্ধান্ত ল’ব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া ট্ৰাম্পে শপত লোৱাৰ পূৰ্বেই  ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। 
আমেৰিকাৰ ICE (Immigration and Customs Enforcement)য়ে প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাৰ পৰা বিতাড়নৰ সন্মুখীন হোৱা ১৪.৫ লাখ ব্যক্তিৰ ভিতৰত প্ৰায় ১৮ হাজাৰ ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা হৈছে। ICEয়ে কয় যে নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰাটো ট্ৰাম্পৰ সীমান্ত নিৰাপত্তাৰ এজেণ্ডাৰ কেন্দ্ৰীয় বিষয়। নিৰ্বাচনী প্ৰচাৰত তেওঁ বাৰে বাৰে প্ৰব্ৰজনকাৰীৰ বিষয়টো উত্থাপন কৰিছিল।
২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত ICEৰ তথ্য অনুসৰি সংস্থাটোৰ নন-ডিটেইনীৰ তালিকাত ১৭,৯৪০ জন ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। যাৰ ফলত ট্ৰাম্পৰ চৰকাৰ ঘূৰি অহাৰ পিছতেই আমেৰিকাত কৰ্মসংস্থাপন আৰু অধ্যয়নৰ পৰিকল্পনা কৰা লোকসকলে চিন্তিত হ’বলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে বিগত তিনি বছৰত গড়ে ৯০ হাজাৰ ভাৰতীয় নাগৰিকে অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আমেৰিকাৰ সীমান্তত ধৰা পৰিছে। বিশেষজ্ঞসকলে কয় যে এই প্ৰব্ৰজনকাৰীসকলৰ এটা বৃহৎ অংশ পঞ্জাৱ, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ দৰে ভাৰতীয় ৰাজ্যৰ পৰা আহিছে।


TWITTER

FACEBOOK