সূৰ্যৰ ৰশ্মিৰ বাবে সলনি হয় গছৰ পাতৰ ৰং, ক’ত আছে এই বিচিত্ৰ গছ

DY365
DY365
Published: August 3,2024 04:08 PM
DY365

Story highlights

সূৰ্যৰ ৰশ্মিৰ বাবে সলনি হৈ কি গছৰ পাতৰ ৰং? ক’ত আছে এই বিচিত্ৰ গছ ?

৩ আগষ্ট,২০২৪: ঐতিহাসিক অট্টালিকাৰ বাবে প্ৰসিদ্ধ ছিমলা চহৰ। ইংৰাজ শাসনৰে পৰা ছিমলাত বহু অট্টালিকা নিৰ্মাণ কৰা হৈছিল। আৰু ইয়াৰে ভিতৰত বিখ্যাত অট্টালিকা হৈছে ছিমলাৰ ৰাষ্ট্ৰপতি ভৱন ছৰাৱাৰা। ছিমলাৰ এই ৰাষ্ট্ৰপতি ভৱনতেই আছে পাঁচজোপা বিচিত্ৰ গছ। এই গছকেইজোপাৰ নাম হৈছে “কপাৰ বিচ”। যিকেইডাল গছৰ তলৰ অংশৰ পাতৰ ৰং সেউজীয়া হয় আৰু সন্মুখভাগৰ পাতৰ ৰং ডাঠ সেউজীয়া। এই গছকেইজোপাত যিমান বেছি সূৰ্যৰ ৰশ্মি পৰে সিমানেই গাঢ় হয় পাতৰ ৰং।



সমগ্ৰ দেশতেই কেৱল “কপাৰ বিচ” গছ কেৱল পাঁচজোপা আছে। এই গজকেইজোপা হিমাচল প্ৰদেশতেই আছে। ইয়াৰে তিনিজোপা আছে ৰাষ্ট্ৰপতি ভৱন ছৰাৱাৰা ভৱনত। এজোপা আছে ৱাইল্ড ফ্লাৱাৰ হলত। আৰু এজোপা আছে ছাইল পেলেছত। ব্ৰিটিছ চৰকাৰৰ সেনাবিষয়া লৰ্ড কিছনাৰে এই গছবোৰ ভাৰতলৈ আনিছিল। গছৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল লৰ্ড কিছনাৰৰ। যাৰ বাবে এই গছবোৰ ভাৰতলৈ আনিছিল। কিন্তু ভাৰতত এনে গছ পাঁচজোপাহে আছে। যদিও ব্ৰিটেইনত এলে গছ সাধাৰণতে দেখা যায়।


Related