৩০ জানুৱাৰী ২০২৫- ভয়ংকৰ বিমান দুৰ্ঘটনা! এইপৰ্যন্ত ১৯ জনৰ কৰুণ মৃত্যু
আমেৰিকাত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ৱাশ্বিংটন ডিচিত সংঘটিত এই ভয়ংকৰ বিমান দুৰ্ঘটনাত এইপৰ্যন্ত ১৯ জন লোকে মৃত্যুক আঁকোৱালি লোৱাৰ খবৰ আহি পৰিছে। ৱাশ্বিংটনৰ ৰোনাল্ড ৰেগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সমীপত এখন যাত্ৰীবাহী বিমান আৰু এখন সামৰিক হেলিকপ্টাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনা সংঘটিত হোৱা বিমানখনত আছিল প্ৰায় ৬০ জনকৈ যাত্ৰী। উল্লেখ্য যে হেলিকপ্টাৰৰ সৈতে মুখামুখি সংঘৰ্ষৰ পিছতে পট’মেক নদীত পৰি গৈছিল যাত্ৰীবাহী বিমানখন। নদীখনৰ পৰা ইতিমধ্যে ১৯ টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ভয়ংকৰ সংঘৰ্ষৰ পিছতেই বিমানখনত জুইৰ সূত্ৰপাত হৈছিল আৰু কেমেৰাত বন্দী হৈ ৰৈছিল এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য। আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই বিমানবন্দৰটোৰত সকলো বিমানৰ উৰণ আৰু অৱতৰণ বন্ধ কৰি দিয়া হৈছে।
দুৰ্ঘটনাটোৰ পিছত আমেৰিকান এয়াৰলাইন্সৰ CEO ৰবাৰ্ট আইছ’ই ডিচিএ দুৰ্ঘটনা সম্পৰ্কে এটা ভিডিঅ’ প্ৰকাশ কৰে। দুৰ্ঘটনাটোত জড়িত লোকসকলক লৈ তেওঁ চিন্তিত বুলিও কয়। লগতে তেওঁ কয় যে দুৰ্ঘটনাত পতিত সকলক আমাৰ কোম্পানীয়ে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু। সহায়ৰ বাবে আপুনি আমেৰিকান এয়াৰলাইন্সৰ টোল ফ্ৰী নম্বৰ ৮০০-৬৭৯-৮২১৫ ফোন কৰিব পাৰে। আমেৰিকাৰ বাহিৰৰ পৰা ফোন কৰা লোকসকলে অতিৰিক্ত ফোন নম্বৰৰ বাবে news.aa.com লৈ যাব পাৰে ।