দিন আৰু ৰাতি একে সময়তে হোৱা পৃথিৱীৰ একমাত্ৰ দেশ

DY365
DY365
Published: November 4,2024 07:16 PM
DY365

Story highlights

দিন আৰু ৰাতি একে সময়তে হোৱা পৃথিৱীৰ একমাত্ৰ দেশ

 



৪ নৱেম্বৰ ২০২৪- দিন আৰু ৰাতি একে সময়তে হোৱা পৃথিৱীৰ একমাত্ৰ দেশ



পৃথিৱীত এনেকুৱা এখন দেশ আছে যিখন দেশত দিন আৰু ৰাতি একে সময়তেই হয়। আপুনি শুনি আচৰিত হলেও এয়াই সচাঁ।দিন আৰু ৰাতি একে সময়তে হোৱা এই দেশখন হ’ল ৰাছিয়া।ৰাছিয়াৰ এটা অংশত যেতিয়া দিন হয়, আনটো অংশত তেতিয়া ৰাতি হয়। এই ধাৰাটো মে’ মাহৰ পৰা জুলাই মাহলৈকে প্ৰায় ৭৬ দিন থাকে। সেইবাবেই ৰাছিয়াক ‘মাজনিশাৰ সূৰ্য্যৰ দেশ’ বুলি কোৱা হয়। 
সময়ৰ ওপৰত নিৰ্ভৰ কৰি যদি কোনোবাই এঠাইত ৰাতিপুৱাৰ চাহ খাই আছে একে সময়তে কোনোবাই আন ঠাইত ৰাতিৰ আহাৰ খাই আছে।কাৰণ ৰাছিয়াত ১১ টা টাইম জ’ন আছে।মুৰমস্ক নামৰ ৰাছিয়াৰ চহৰখনত গ্ৰীষ্মকাল দীঘলীয়া। সেই সময়ত দিন ৰাতিৰ অনুভৱ ইয়াতেই সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। সূৰ্য্যটো অতি উজ্জ্বল হৈ পৰে আৰু মানুহে দিন ৰাতিৰ অনুভৱ সম্পূৰ্ণৰূপে পাহৰি যায়। ৰাছিয়াৰ এই চহৰখনত সূৰ্য্য কেতিয়াও অস্ত নাযায়, মাত্ৰ আকাশৰ ওপৰেৰে গতি কৰিয়েই থাকে। 
ৰাছিয়াৰ আন এটা আমোদজনক কথা হ’ল ইয়াত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি। অৰ্থাৎ ইয়াত নাৰীৰ আধিপত্য বেছি। সেইবাবে ৰাছিয়াৰ পুৰুষে দাড়ি ৰাখিব পৰা নাছিল আৰু এই নিয়ম ভংগ কৰিলে জৰিমনাও ভৰিব লাগিছিল।


TWITTER

FACEBOOK