বিশ্বৰ এনেকুৱা এখন দেশ, য'ত সাপ পোৱা নাযায়।

DY365
DY365
Published: October 23,2024 04:24 PM
DY365

Story highlights

বিশ্বৰ এনেকুৱা এখন দেশ, য'ত সাপ পোৱা নাযায়।

  ২৩ অক্টোবৰ,২০২৪- বিশ্বৰ এনেকুৱা এখন দেশ, য'ত সাপ পোৱা নাযায়।
অধিকাংশ মানুহেই সাপক ভয় কৰে। ঘৰৰ চাৰিওফালে যাতে সৰীসৃপ আহিব নোৱাৰে তাৰ বাবে বহুতে বিভিন্ন ব্যৱস্থাও গ্ৰহণ কৰে। কিন্তু আপুনি জানেনে বিশ্বত এনে এখন দেশ আছে য’ত সাপ পোৱা নাযায়? 
বিশ্বৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত নিউজিলেণ্ডৰ বিষয়ে বহুতে কম বেছি পৰিমাণে জানে। তথ্য অনুসৰি নিউজিলেণ্ডেই পৃথিৱীৰ একমাত্ৰ দেশ য’ত কোনো সাপ পোৱা নাযায়। সেইবাবেই ইয়াক সাপমুক্ত দেশ বুলি কোৱা হয়।নিউজিলেণ্ডৰ কোনো নাগৰিকে চোৰাংভাৱেও সাপ আনিব নোৱাৰে। দেশখনৰ আইন অনুসৰি নাগৰিকে সাপক পোহনীয়া জন্তু হিচাপে ৰখা বা আনকি বহিঃৰাষ্ট্ৰৰ পৰা অনাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।এই আইনত দেশত পোৱা কিছুমান স্থানীয় প্ৰাণী আৰু চৰাইৰ সুৰক্ষাৰ কথা চিন্তা কৰা হৈছে। বৰ্তমান আন এখন দেশ আছে, যিখন দেশ সাপৰ পৰা মুক্ত। সেয়া হ’ল আয়াৰলেণ্ড। কোৱা হয় যে চেন্ট পেট্ৰিক নামৰ এজন সন্তই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাপ সংগ্ৰহ কৰি সাগৰত পেলাই দিছিল। তেতিয়াৰ পৰা আয়াৰলেণ্ডত সাপ নাই।


Related

TWITTER

FACEBOOK