ঠাণ্ডা নে গৰম? কেনেকুৱা হ'ব মংগল গ্ৰহৰ জলবায়ু?

DY365
DY365
Published: November 4,2024 04:14 PM
DY365

Story highlights

ঠাণ্ডা নে গৰম? কেনেকুৱা হ'ব মংগল গ্ৰহৰ জলবায়ু?

৪ নৱেম্বৰ,২০২৪- ঠাণ্ডা নে গৰম? কেনেকুৱা হ'ব মংগল গ্ৰহৰ জলবায়ু?



ৰঙা গ্ৰহ বুলি জনাজাত মংগল গ্ৰহ বিজ্ঞানীসকলৰ বাবে আজিও ৰহস্যৰ আৱৰ্তত। পৃথিৱীৰ অন্যতম নিকটতম গ্ৰহ হোৱাৰ বাবেই মংগল গ্ৰহক লৈ সদায় কৌতুহল চলি আহিছে। মংগল গ্ৰহত জীৱন তথা ভৱিষ্যতে মানুহৰ বসতি স্থাপনৰ সম্ভাৱনা আদি বহু কথাই চৰ্চা চলি আহিছে। কিন্তু মংগল গ্ৰহৰ বতৰ কেনেকুৱা হয় আপুনি জানেনে? মংগল গ্ৰহত গৰম নে ঠাণ্ডা কেনেকুৱা ধৰণৰ জলবায়ু আছে? এই বিষয়ে জানো আহক-
 মংগল গ্ৰহৰ জলবায়ু পৃথিৱীৰ জলবায়ুতকৈ একেবাৰে পৃথক। পৃথিৱীত আমি কেইবাটাও ঋতুৰ অভিজ্ঞতা লাভ কৰো, কিন্তু মংগল গ্ৰহৰ বতৰৰ পৰিস্থিতি একেবাৰে বেলেগ।মংগল গ্ৰহৰ গড় উষ্ণতা অতি কম। ইয়াত দিনৰ ভাগৰ তাপমাত্ৰা শূন্যৰ পৰা কেইডিগ্ৰীমান চেলছিয়াছ ওপৰত হ’ব পাৰে, কিন্তু ৰাতিৰ ভাগত তাপমাত্ৰা মাইনাছ ১০০ ডিগ্ৰী চেলছিয়াছৰ তললৈ যায়।ইয়াৰ বাহিৰেও মংগল গ্ৰহত ধূলিৰ ধুমুহা অতি সাধাৰণ। এই ধুমুহাবোৰে সমগ্ৰ গ্ৰহটোক আগুৰি ধৰি কেইবামাহো ধৰি থাকিব পাৰে আৰু মংগল গ্ৰহৰ বায়ুমণ্ডল পৃথিৱীৰ বায়ুমণ্ডলতকৈ বহু পাতল। ইয়াত প্ৰধানকৈ কাৰ্বন ডাই অক্সাইড গেছ থাকে।মংগল গ্ৰহত বায়ুৰ চাপ পৃথিৱীতকৈ বহু কম। পৰিৱেশ উষ্ণ কৰি ৰাখিবলৈ অক্ষম। আপোনালোকক কওঁ যে মংগল গ্ৰহ পৃথিৱীতকৈ সূৰ্য্যৰ পৰা বেছি দূৰত। সেয়ে ই সূৰ্য্যৰ পৰা শক্তি কম পায়। অৰ্থাত মংগল গ্ৰহৰ জলবায়ু পৃথিৱীতকৈ ঠাণ্ডা।


TWITTER

FACEBOOK