২৯ অক্টোবৰ,২০২৪- কিমান ঘণ্টাত এদিন হয় মংগল গ্ৰহত
ৰঙা গ্ৰহ বুলি জনাজাত মংগল গ্ৰহ বিজ্ঞানী আৰু মানুহৰ বাবে সদায় এক ৰহস্যৰ আৱৰ্তত। আপুনি জানেনে মংগল গ্ৰহত এদিন হ’বলৈ পৃথিৱীৰ এটা দিনতকৈ অলপ বেছি সময়ৰ প্ৰয়োজন হয়। আচৰিত হ’লেও এয়াই সত্য। পৃথিৱীক নিজৰ অক্ষত ঘূৰিবলৈ প্ৰায় ২৪ ঘণ্টা সময় লাগে। সেইবাবেই আমি পৃথিৱীৰ এটা দিনক ২৪ ঘণ্টা বুলি গণ্য কৰোঁ। কিন্তু মংগল গ্ৰহৰ গতি পৃথিৱীতকৈ অলপ লেহেমীয়া। মংগল গ্ৰহক নিজৰ অক্ষত এপাক ঘূৰিবলৈ প্ৰায় ২৪ ঘণ্টা ৩৭ মিনিট ২২ ছেকেণ্ড সময় লাগে।মংগল গ্ৰহৰ ঘূৰ্ণনৰ গতি পৃথিৱীতকৈ কিছু কম। দুয়োটা গ্ৰহৰ অক্ষ অলপ বেলেগকৈ হেলনীয়া হৈ থাকে, যাৰ ফলত দুয়োটা গ্ৰহৰ দিন আৰু ৰাতিৰ সময়ত প্ৰভাৱ পৰে।
একে সময়তে মংগল গ্ৰহৰ কক্ষপথ পৃথিৱীৰ কক্ষপথতকৈ অলপ বেছি উপবৃত্তাকাৰ, যাৰ বাবে দিনৰ দৈৰ্ঘ্যৰ ওপৰতো সামান্য প্ৰভাৱ পৰে। যিহেতু মংগল গ্ৰহত দিন-ৰাতিৰ সময়সীমা পৃথিৱীৰ সৈতে একে, গতিকে বিজ্ঞানীসকলৰ মতে মংগল গ্ৰহত ভৱিষ্যতে জীৱ জীয়াই থকাটো সম্ভৱ হ’ব পাৰে।