১৪ মাৰ্চ, ২০২৫- পৰিৱেশ সম্পৰ্কীয় সন্মিলনৰ বাবে ধ্বংস কৰা হ'ব পৰিৱেশ!
পৃথিৱীত সৰ্বাধিক অক্সিজেন যোগান ধৰা এমাজ’নৰ বৰ্ষাৰণ্যত এইবাৰ চকু চৰকাৰৰ। ঠিক ভাৰতৰ বনাঞ্চলৰ দৰে দশা হ’বলৈ গৈ আছে বিশ্বৰ সৰ্ববৃহত্ গভীৰ অৰণ্যখনৰ। চলিত বৰ্ষৰ নৱেম্বৰ মাহত ব্ৰাজিলৰ বেলেম চহৰত জলবায়ু আৰু প্ৰকৃতি বচাবলৈ আয়োজন কৰা হৈছে COP30 জলবায়ু সন্মিলন। এই শীৰ্ষ সন্মিলনৰ বাবে ফ’ৰলেন হাইৱে’ নিৰ্মাণ কৰিবলৈ হাজাৰ হাজাৰ একৰ সংৰক্ষিত আমাজন বৰ্ষাৰণ্য কাটি পেলাইছে ব্ৰাজিলে।
প্ৰতিবেদন অনুসৰি ব্ৰাজিলৰ বেলেম চহৰত অনুষ্ঠিত হ’বলগীয়া ৩০সংখ্যক ক্লাইমেট ছামিটত বিশ্বৰ বিভিন্ন দেশৰ নেতাকে ধৰি প্ৰায় ৫০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব। অংশগ্ৰহণকাৰী এই লোকসকলৰ যাতায়তৰ সুবিধাৰ্থে হাজাৰ হাজাৰ জোপা গছ কাটি এমাজ’ন ৰেইন ফৰেষ্টত নিৰ্মান কৰিব ফ’ৰলেন হাইৱে’। কিন্তু বনাঞ্চলখন কটাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় একাংশ লোক আৰু পৰিৱেশ কৰ্মী। তেওঁলোকৰ মতে হাজাৰ হাজাৰ জোপা গছ কটাৰ ফলত পৰিবেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। পৰিৱেশ কৰ্মীসকলৰ মতে আমাজন অৰণ্যই কাৰ্বন শোষণ কৰি সমগ্ৰ বিশ্বৰ বাবে জৈৱ বৈচিত্ৰ্যৰ যোগান ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ মতে, বনাঞ্চলখন কাটি পেলোৱা মানে যি উদ্দেশ্যৰ বাবে এই সন্মিলনখনৰ আয়োজন কৰা হৈছে, ইয়াৰ সম্পূৰ্ণ বিপৰীত হ'ব।
কিন্তু বনাঞ্চলখন কটাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় একাংশ লোক আৰু পৰিৱেশ কৰ্মী। তেওঁলোকৰ মতে হাজাৰ হাজাৰ জোপা গছ কটাৰ ফলত পৰিবেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। তেওঁলোকে কয় যে আমাজন অৰণ্যই কাৰ্বন শোষণ কৰি সমগ্ৰ বিশ্বৰ বাবে জৈৱ বৈচিত্ৰ্যৰ যোগান ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ মতে, বনাঞ্চলখন কাটি পেলোৱাটো যিটো উদ্দেশ্যৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে, তাৰ বিপৰীত। উল্লেখ্য যে এই ঘাইপথটোৰ দুয়োফালে দীঘলীয়া দেৱাল আছে, অৰ্থাৎ অৰণ্যখন দুটা বেলেগ বেলেগ অঞ্চলত বিভক্ত হ’ব। বিজ্ঞানীসকলেও এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। বিজ্ঞানীসকলৰ মতে এনেকুৱা হ’লে পৰিৱেশ তন্ত্ৰ খণ্ডিত হৈ বন্যপ্ৰাণীৰ চলাচলত বাধা আহিব।
কিন্তু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি তথা পৰিৱেশ মন্ত্ৰী লুইজ ইনাচিঅ’ লুলা দা ছিলভাই কয় যে COP30 জলবায়ু সন্মিলন নিজৰ বাবেই এক ঐতিহাসিক সন্মিলন হ’ব। তেওঁৰ মতে এই সন্মিলনত আমাজনৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বনাঞ্চলখনক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা হ'ব, আৰু ইয়াৰ সংৰক্ষণৰ বাবে দেশ চৰকাৰে কৰা মহান কামসমূহ প্ৰদৰ্শন কৰা হ'ব।