৩ ডিচেম্বৰ,২০২৪- পৃথিৱীৰ দিশে গ্ৰহাণু, কি ইংগিত মহাকাশ সংস্থাৰ?
পৃথিৱীৰ দিশে আহি আছে এটা গ্ৰহাণু। ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ৯:৪৫ বজাত এই গ্ৰহাণুটোৱে বায়ুমণ্ডলত প্ৰৱেশ কৰিব। উত্তৰ চাইবেৰিয়াৰ ওপৰেৰে বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সম্ভাৱনা থকা ৭০ চে.মি. ব্যাসৰ এই সৰু গ্ৰহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ দিশে আগবাঢ়িছে। যদিও গ্ৰহাণুটোৱে পৃথিৱীক খুন্দা মাৰিব কিন্তু মহাকাশ সংস্থাসমূহে জনসাধাৰণক দিয়া আশ্বাস অনুসৰি ইয়াৰ ফলত কোনো বিশেষ ক্ষয়-ক্ষতি নহয়। গ্ৰহাণুটোৰ এই প্ৰভাৱ সম্পূৰ্ণ নিৰাপদ হ’ব বুলি আশা কৰিছে মহাকাশ সংস্থাসমূহে। এই গ্ৰহাণুটোৱে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত সৃষ্টি হোৱা তীব্ৰ তাপৰ বাবে বিভাজিত হোৱাৰ সম্ভাৱনা আছে। গ্ৰহাণুটো বিভাজিত হ'লে মাটিৰ পৰা দেখা পোৱা এক উজ্জ্বল জিলিকনি উৎপন্ন হ’ব। সাধাৰণতে সৰু সৰু গ্ৰহাণুবোৰ পৃথিৱীৰ পৃষ্ঠত উপনীত হোৱাৰ আগতেই জ্বলি যায়। উল্লেখ্য যে পৃথিৱীৰ দিশে আহি থকা এই গ্ৰহাণুটোৰ নাম এতিয়াও উল্লেখ কৰা নাই মহাকাশ সংস্থাই।