বিশ্ব মঞ্চত জিলিকিল অসম কন্যা বিনীতা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ হৈ বিনীতাক জনালে শুভেচ্ছা ।

DY365
DY365
Published: March 2,2025 10:35 PM
DY365

Story highlights

বিশ্ব মঞ্চত জিলিকিল অসম কন্যা বিনীতা। 'ব্ৰিটেইনছ গট টেলেণ্ট'ৰ দৰে অনুষ্ঠানত বিনীতাই দেখুৱালে নিজৰ নৃত্য প্ৰতিভা। মাত্ৰ ৮ বছৰ বয়সতে কাৰ্বি আংলঙৰ বিনীতা ছেত্ৰীয়ে বুটলিলে বিচাৰকৰ উচ্চ প্ৰশংসা।

বিশ্ব মঞ্চত জিলিকিল অসম কন্যা বিনীতা। 'ব্ৰিটেইনছ গট টেলেণ্ট'ৰ দৰে অনুষ্ঠানত বিনীতাই দেখুৱালে নিজৰ নৃত্য প্ৰতিভা। মাত্ৰ ৮ বছৰ বয়সতে কাৰ্বি আংলঙৰ বিনীতা ছেত্ৰীয়ে বুটলিলে বিচাৰকৰ উচ্চ প্ৰশংসা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ হৈ বিনীতাক জনালে শুভেচ্ছা আৰু অভিনন্দন। ৰাষ্ট্ৰীয় মঞ্চত নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব'ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিলে অসম কন্যা বিনীতাই। যি খবৰক লৈ গৌৰৱত উঠলি উঠিছে প্ৰতিগৰাকী অসমীয়াৰ বুকু। 'ব্ৰিটেইনছ গট টেলেণ্ট' মঞ্চত কেৱল নৃত্যৰে নহয় নিজৰ বাকপটুতাৰে হৃদয় জিনিলে বিচাৰক আৰু উপস্থিত দৰ্শকৰ। 'ব্ৰিটেইনছ গট টেলেণ্ট'ত জয়ী হৈ পিংক প্ৰিঞ্চেছ হাউছ ক্ৰয় কৰাৰ সপোন পূৰণৰ কথা কৈছিল কণমানি বিনীতাই। নিজৰ অসাধাৰণ প্ৰতিভা দাঙি ধৰিও অনুষ্ঠানটোত গ'ল্ডেন বাজাৰ লাভ নকৰাক লৈ ছ'চিয়েল মিডিয়াত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বহু লোকে। কিন্তু ভাল খবৰ এয়াই যে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে বিনীতা। কণমানি বিনীতাৰ প্ৰদৰ্শনৰ ভিডিঅ' ব্যাপক হাৰত এতিয়া ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত।  লিংক ক্লিক কৰি চাওক মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা ভিডিঅ'...... https://fb.watch/y4i6qnyEGU/


Related

TWITTER

FACEBOOK