বিশ্বব্ৰহ্মাণ্ডৰ এটা গ্ৰহাণু, যিটো সোণ, প্লেটিনাম আদি ধাতুৰে ভৰপূৰ!

DY365
DY365
Published: November 14,2024 03:35 PM
DY365

Story highlights

বিশ্বব্ৰহ্মাণ্ডৰ এটা গ্ৰহাণু, যিটো সোণ, প্লেটিনাম আদি ধাতুৰে ভৰপূৰ!

 



১৪ নৱেম্বৰ,২০২৪-  বিশ্বব্ৰহ্মাণ্ডৰ এটা গ্ৰহাণু, যিটো সোণ, প্লেটিনাম আদি ধাতুৰে ভৰপূৰ!



বিশ্বব্ৰহ্মাণ্ডত এটা গ্ৰহাণু আছে, যিটো গ্ৰহাণু সোণ, প্লেটিনাম আদি বহুমূলীয়া ধাতুৰে ভৰপূৰ । পৃথিৱীৰ ওচৰতে থকা ‘চাইকে’ নামৰ এই বিশাল গ্ৰহাণুটোক বিজ্ঞানীসকলে "সোণালী গ্ৰহ" বুলিও কয়, যদিও প্ৰকৃততে ই কোনো গ্ৰহ নহয় বৰঞ্চ এটা বৃহৎ গ্ৰহাণুহে। এই গ্ৰহাণুটো ১৮৫২ চনৰ ১৭ মাৰ্চত ইটালীৰ জ্যোতিৰ্বিজ্ঞানী এনিবেল ডি গাস্পাৰিছে আৱিষ্কাৰ কৰিছিল। এই গ্ৰহাণুটো মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত অৱস্থিত আৰু পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পাচঁবাৰ ঘূৰিবলৈ যিমানখিনি সময় লয় সেইখিনি সময়ত এই গ্ৰহাণুটোৱে এবাৰ সূৰ্য্যক প্ৰদক্ষিণ কৰে। 
গ্ৰহাণুটোৰ মূল অংশত মূলতঃ লোহা আৰু নিকেলৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু প্লেটিনাম মজুত আছে। যদি এই সকলোবোৰ পৃথিৱীৰ মানুহৰ মাজত  সমানে ভাগ কৰা হয় তেন্তে পৃথিৱীৰ প্ৰতিজন বাসিন্দা অসীমভাৱে সমৃদ্ধিশালী হ’ব পাৰে। শেহতীয়াকৈ নাছাই ২০২৩ চনৰ ১৩ অক্টোবৰত এই গ্ৰহাণুটোৰ ওপৰত অভিযান আৰম্ভ কৰিছে, যিটোৱে ২০২৯ চনত চাইকেৰ কক্ষপথত উপনীত হ’ব আৰু ইয়াৰ বহুমূলীয়া খনিজ পদাৰ্থৰ সন্ধান কৰিব।
 


TWITTER

FACEBOOK