৩০ অক্টোবৰ,২০২৪- ৮০০ বছৰীয়া এখন গাঁও, য'ত নাই এটাও ৰাস্তা
জীৱন আৰু জীৱিকাৰ বাবে প্ৰতিজন ব্যক্তিকে ৰাস্তা-ঘাট, দলং ইত্যাদিৰ প্ৰয়োজন। কিন্তু পৃথিৱীত এনে এখন গাঁও আছে যিখন গাঁৱত আজিলৈকে এটাও পথ নিৰ্মাণ হোৱা নাই বা এটাও পথ নাই। আপুনি শুনি আচৰিত হলেও এইটো একেবাৰে সঁচা। আজি আমি আপোনালোকক ক'বলৈ ওলাইছো নেদাৰলেণ্ডৰ গীথ’ৰ্ন গাঁৱৰ কথা যিখন গাঁৱক নেদাৰলেণ্ডৰ ভেনিচ বুলিও কোৱা হয়।
এই গাঁৱখনৰ সৌন্দৰ্য চোৱাৰ যোগ্য। যাক অতি নিস্তব্ধ গাঁও বুলিও কোৱা হয়। আচলতে এই গাঁৱখন পানীৰ ওপৰত অৱস্থিত। য'ত চৌদিশে কেৱল মাথো পানী আৰু পানী। এনে অৱস্থাত যেতিয়াই কোনো ব্যক্তিয়ে গাঁৱৰ ক'ৰবালৈ যাবলগীয়া হয়, তেতিয়াই তেওঁ নাওৰ সহায় ল'বলগীয়া হয়।
গাঁৱখনৰ কোনো কোনো ঠাইত কাঠৰ দলং নিৰ্মাণ কৰা হৈছে। যাৰ মাজেৰে গাঁৱখনৰ মানুহে অহা-যোৱা কৰিব পাৰে। আপোনালোকক কওঁ যে এই গাঁওখন ১২৩০ চনত প্ৰতিষ্ঠা হৈছিল আৰু প্ৰথম অৱস্থাত এই গাঁওখনৰ নাম আছিল গেটেনহৰ্ণ। এই গাঁৱখনলৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা বহু পৰ্যটক আহে।পানীৰ ওপৰত অৱস্থিত বাবে এই গাঁৱখনৰ কোনো মানুহৰে কোনো যান-বাহনো নাই।