৫০০ কিলো ওজনৰ ৰঙালাওত উঠি ৭০ কিলোমিটাৰ যাত্ৰা। গঢ়িলে বিশ্ব অভিলেখো।

DY365
DY365
Published: November 3,2024 06:32 PM
DY365

Story highlights

৫০০ কিলো ওজনৰ ৰঙালাওত উঠি ৭০ কিলোমিটাৰ যাত্ৰা। গঢ়িলে বিশ্ব অভিলেখো।

৩ নৱেম্বৰ, ২০২৪-   ৫০০ কিলো ওজনৰ ৰঙালাওত উঠি ৭০ কিলোমিটাৰ যাত্ৰা। গঢ়িলে বিশ্ব অভিলেখো। 
অসম্ভৱ যেন লাগিলেও এয়াই সঁচা। গেৰী ক্ৰিষ্টেনছেন নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন ব্যক্তিয়ে এটা ৰঙালাওৰে কলম্বিয়া নদীত ৭০ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। গেৰী ক্ৰিষ্টেনছেনৰ এই যাত্ৰা হৈছে ৰঙালাওৰ নাৱেৰে কৰা আটাইতকৈ দীৰ্ঘতম যাত্ৰা। ৪৬ বছৰীয়া  গেৰীয়ে এই যাত্ৰাটোৰ নাম দিছিল "পাংকি লফষ্টাৰ" আৰু এই যাত্ৰাটোৰ বাবে গেৰীক প্ৰয়োজন হৈছিল ২৬ ঘণ্টা সময়ৰ।২০১১ চনৰ পৰাই ৰঙালাওৰ খেতি কৰা গেৰী ক্ৰিষ্টেনছনে ২০১৩ চনত প্ৰথমবাৰ নাও আকাৰৰ ৰঙালাওৰ খেতি কৰিছিল আৰু ৰঙালাওৰ নাৱত বহি যাত্ৰা কৰাৰ সপোন দেখিছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ পিছত এক সাক্ষাৎকাৰত গেৰীয়ে কয় যে মোৰ সপোনটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল, বহুদিনৰ পৰা ভাবি অৱশেষত মই মোৰ যাত্ৰাৰ বাবে উপযুক্ত ৰঙালাও গজাইছিলো আৰু তাৰ পিছত মই মোৰ সপোনক অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিলো। 
উল্লেখ্য যে "পাঙ্কি লফষ্টাৰৰ" আকাৰ আছিল ১৪ ফুট আৰু নাওলৈ পৰিৱৰ্তন হোৱাৰ আগতে ইয়াৰ ওজন আছিল ৫৫৫ কিলোগ্ৰামতকৈ অধিক। ১১ অক্টোবৰত গেৰীয়ে ৰঙালাওৰ নাৱেৰে যাত্ৰা আৰম্ভ কৰিছিল আৰু অবিশ্বাস্য যাত্ৰা টো ৰেকৰ্ড কৰিবলৈ ঝাড়ুৰে এটা কেমেৰাও তৈয়াৰ কৰি লৈছিল। যাত্ৰাৰ অন্তত  সাক্ষাৎকাৰত গেৰীয়ে কোৱা অনুসৰি কেইঘণ্টামান পেডেলিং কৰাৰ পিছত বতাহৰ গতিবেগ ঘণ্টাত ৫৬ কিলোমিটাৰলৈ বৃদ্ধি পাইছিল আৰু পানীৰ ঢৌৱে ৰঙালাওৰ নাৱখনত খুন্দা মাৰিবলৈ আৰম্ভ কৰিছিল।যাৰ বাবে নিৰাপদ লেণ্ডিং স্পটৰ বাবে গেৰীয়ে সূৰ্য্যোদয়লৈকে অপেক্ষা কৰিবলগীয়া হৈছিল।যাত্ৰাৰ অন্তত নাৱৰ পৰা নামি আহি গেৰীয়ে কৈছিল যে তেওঁ "অলপ নাৰ্ভাস কিন্তু উত্তেজিত"। এয়া মোৰ বাবে এক অবিশ্বাস্য দুঃসাহসিক অভিযান আছিল।"


TWITTER

FACEBOOK