২৯ জানুৱাৰী ২০২৫- ভয়ংকৰ বিমান দুৰ্ঘটনাত ভাৰতীয় নাগৰিকসহ ২০ জনকৈ লোকৰ কৰুণ মৃত্যু!
এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যুমুখত পৰিছে ২০ জনকৈ লোক। দক্ষিণ চুডানৰ ইউনিটি ৰাজ্যত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। ইউনিটি অইলফিল্ড বিমানবন্দৰৰ পৰা ৰাজধানী জুবা অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হৈছে। মুঠ ২১ জনকৈ যাত্ৰী থকা এই বিমানখনত নিহতসকলৰ ভিতৰত আছে এজন ভাৰতীয় নাগৰিকো।
প্ৰথম অৱস্থাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল যদিও পিছলৈ ইউনিটি ৰাজ্যৰ তথ্য মন্ত্ৰী গটৱেচ বিপালে নিশ্চিত কৰে যে দুৰ্ঘটনাত আহত হোৱা দুজন যাত্ৰীৰো ইতিমধ্যে মৃত্যু হৈছে, যাৰ ফলত নিহত লোকৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে। অৱশ্যে ভয়ংকৰ দুৰ্ঘটনাটোত ৰক্ষা পৰে বিমানখনত থকা আন এজন যাত্ৰী।
বৰ্তমান পৰ্যন্ত দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। দক্ষিণ চুডানত বছৰ বছৰ ধৰি কেইবাটাও বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ পূৰ্বে ২০১৮ চনত জুবাৰ পৰা য়িৰোললৈ যোৱা এখন বিমান দুৰ্ঘটনাত পতিত হৈছিল য’ত ১৯ জন লোকৰ মৃত্যু হৈছিল। লগতে ২০১৫ চনত জুবা বিমানবন্দৰৰ পৰা উৰা মাৰি ৰাছিয়াৰ এখন মালবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল য'ত বহু লোকে মৃত্যুক আঁকোৱালি লৈছিল।