কি কি কাৰনত বিশেষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোলেণ্ড ভ্ৰমণ ? ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ শাম কটাবলৈ ইউক্ৰেইনলৈ যাব নেকি প্ৰধানমন্ত্ৰী ?

DY365
DY365
Published: August 22,2024 08:01 PM
DY365

Story highlights

শুকুৰবাৰে ইউক্ৰেইন ভ্ৰমণলৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। পোলেণ্ডৰ পৰা কীভলৈ ৮ ঘণ্টীয়া ৰে’ল যাত্ৰা কৰিব নৰেন্দ্ৰ মোদীয়ে। ইউক্ৰেইনৰ উপৰেৰে বিমান চলাচল নিষিদ্ধ বাবে কৰিব ৰে’ল যাত্ৰা।

২২ আগষ্ট,২০২৪: ভাৰসম বৈদেশীক নীতিৰ আধাৰত পোলেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পোলেণ্ডৰ ৰাজধানী ৱাৰ্শ্বত দুই দেশৰ প্ৰধানমন্ত্ৰীৰ দিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে। ভাৰত আৰু পোলেণ্ডৰ সহযোগিতাৰে আগবঢ়াৰ অংগীকাৰ । বৈঠকত ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। বিশ্বৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান জনাইছে নৰেন্দ্ৰ মোদীয়ে। বৈঠকত ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ প্ৰসংগও উত্থাপন কৰা হৈছে। যুদ্ধ সন্দৰ্ভত গোষ্ঠী নিৰপেক্ষ ভূমিকা পালন কৰিব ভাৰতে। শান্তিপূৰ্ণ উপায়েৰে সমস্যা সমাধানৰ আহ্বান নৰেন্দ্ৰ মোদীৰ। শুকুৰবাৰে ইউক্ৰেইন ভ্ৰমণলৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। পোলেণ্ডৰ পৰা কীভলৈ ৮ ঘণ্টীয়া ৰে’ল যাত্ৰা কৰিব নৰেন্দ্ৰ মোদীয়ে। ইউক্ৰেইনৰ উপৰেৰে বিমান চলাচল নিষিদ্ধ বাবে কৰিব ৰে’ল যাত্ৰা। মোদীৰ ইউক্ৰেইন ভ্ৰমণক লৈ কূটনৈতিক মহলত ব্যাপক চৰ্চা চলিছে এতিয়া। এমাহ পূৰ্বে ৰাছিয়া ভ্ৰমণলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ ৰাছিয়া ভ্ৰমণত পশ্চিমৰ দেশসমূহে কৰিছিল সমালোচনা। সমালোচনাৰ উত্তৰ দিবলৈ মোদীৰ এই পোলেণ্ড, ইউক্ৰেইন ভ্ৰমণেও এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে। 


Related

TWITTER

FACEBOOK