স্ব-দেশত উপস্থিত হৈয়ে কান্দোনত ভাগি পৰিল দেশৰ গৌৰৱ বিনেশ ফ’গাট

DY365
DY365
Published: August 17,2024 01:18 PM
DY365

Story highlights

স্ব-দেশত উপস্থিত হৈয়ে কান্দোনত ভাগি পৰিল বিনেশ ফ’গাট। "মোৰ দেশবাসীৰ পৰা লাভ কৰা এই মৰম আৰু সন্মানৰ বাবে মই চিৰ কৃতজ্ঞ" বুলি মন্তব্য বিনেশ ফ’গাটৰ।

১৭ আগষ্ট.২০২৪:  পেৰিছ অলিম্পিকপৰ যাত্ৰা সামৰি স্বগৃহলৈ উভতি আহিল বিনেশ ফ’গাট। আজি পুৱা ১০.৩০ বজাত দিল্লী বিমান বন্দৰত উপস্থিত হৈ ভাৰত গৌৰৱ বিনেশ ফ’গাট। স্ব-দেশত উপস্থিত হৈয়ে কান্দোনত ভাগি পৰিল খেলুৱৈ গৰাকী। "মোৰ দেশবাসীৰ পৰা লাভ কৰা এই মৰম আৰু সন্মানৰ বাবে মই চিৰ কৃতজ্ঞ" বুলি মন্তব্য বিনেশ ফ’গাটৰ। 



বিমানবন্দৰৰ পৰা বজৰং পুনিয়া, সাক্ষী মালিককে ধৰি বহু শুভাকাংক্ষীয়ে ফ’গাটক উষ্ম আদৰণি জনাই । । মল্লযুঁজৰ  ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো ১০০ গ্ৰাম অধিক ওজনৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। চূড়ান্ত খেলৰ পৰা অযোগ্য হোৱাৰ পিছত বিনেশ ফ’গাটে  ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টত ৰূপৰ পদকৰ বাবে আবেদন কৰিছিল যদিও বিনেশৰ আবেদন নাকচ কৰা হৈছিল। 



পেৰিছ অলিম্পিকপৰ ফাইনেলত অযোগ্য ঘোষণা হোৱাৰ পিছত বিনেশ ফ’গাটে মল্লযুঁজৰ পৰা  অৱসৰ ঘোষণা কৰে। সামাজিক মাধ্যমত লিখিছিল , “মই হাৰিলো। ক্ষমা কৰক।। মোৰ সপোন, মোৰ সাহস সকলো ভাগি পৰিছে। এতিয়া ইয়াতকৈ অধিক শক্তি নাই। গুডবাই ৰেছলিং ২০০১-২০২৪। মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম।’’
 


Related

TWITTER

FACEBOOK