ৰাজ্যত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা, কনিষ্টবলৰ গুলীত আহত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

DY365
DY365
Published: August 31,2024 03:52 PM
DY365

Story highlights

ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত অঘটন । কনিষ্টবলক বচাবলৈ গৈ গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া।

৩১ আগষ্ট,২০২৪: ডিব্ৰুগড়ত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। বগীবিল আৰক্ষী চকীত  সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। গুলীবিদ্ধ  হৈছে বগীবিল আৰক্ষী চকীৰ IC তীৰ্থ চেত্ৰী। প্ৰাঞ্জল বৰা নামৰ কনিষ্টবলে সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা।খবৰ অনুসৰি,প্ৰাঞ্জল বৰা নামৰ কনিষ্টবলজনে  চূড়ান্ত সিদ্ধান্ত লোৱাৰ চেষ্টা চলাইছিল। জানিব পৰা মতে দুজাই কৈ গুলী চলাইছিল প্ৰাঞ্জল বৰাই। এটা শূণ্যলৈ যোৱাৰ লগতে এটা গুলী আৰক্ষী বিষয়া তীৰ্থ চেত্ৰীৰ সোঁহাতত লাগে। কনিষ্টবলজনক উদ্ধাৰৰ বাবে যোৱাৰ সময়তে ICজন গুলীবিদ্ধ হোৱাৰ সন্দেহ কৰা হৈছে। প্ৰাঞ্জল বৰা নামৰ কনিষ্টবলজনক উদ্ধাৰ বাবে গৈছিল ICজন।



কনিষ্টবল প্ৰাঞ্জলৰ পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত কৰে বুলি সন্দেহ কৰা হৈছে। 


Related

TWITTER

FACEBOOK