গ্ৰেপ্তাৰ নে আত্মসমৰ্পন! নিশা ক'ত কটালে চুমী-তাৰ্কিকে?

DY365
DY365
Published: September 12,2024 01:00 PM
DY365

Story highlights

গ্ৰেপ্তাৰ নে আত্মসমৰ্পন! নিশা ক'ত কটালে চুমী-তাৰ্কিকে?

১২ চেপ্তেম্বৰ,২০২৪-    গ্ৰেপ্তাৰ নে আত্মসমৰ্পন! নিশা ক'ত কটালে চুমী-তাৰ্কিকে? 
চুমী আৰু তাৰ্কিক বৰাই আত্মসমৰ্পন কৰিলে নে STF বাহিনীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে? যিয়েই নহওঁক কিয় অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমী-তাৰ্কিকৰ ডেষ্টিনেচন। ট্ৰেডিং কেলেংকাৰীৰ প্ৰৱঞ্চনাত নাম সাঙোৰ খোৱা চুমী বৰা আৰু তাৰ্কিক বৰা এতিয়া আৰক্ষীৰ জালত। এঘাৰ দিনেই পলাতক অৱস্থাত থকা চুমী আৰু তাৰ্কিকক বুধবাৰে নিশাই আটক কৰে STF-য়ে। খবৰ অনুসৰি বিগত কেইবাদিনো ধৰি যোৰহাটৰ টীয়কৰ ঘৰত আত্মগোপন কৰি আছিল দুয়োগৰাকীয়ে। পুৱতি নিশা ডিব্ৰুগড় জিলা পুথিভঁড়ালৰ সম্মুখত  আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয় চুমী- তাৰ্কিক।   
কিন্তু গ্ৰেপ্তাৰৰ পূৰ্বে  চুমী আৰু তাৰ্কিক বৰাই ৰাজআতিথ্য পালে নেকি? আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰেই  বিলাসী হোটেলত নিশা কটালে দুয়োগৰাকীয়ে। ডিব্ৰুগড়ৰ ব্যয়বহুল জীমখানা ক্লাৱত ৰখা হৈছিল দুয়োগৰাকীকে। এই কথা পোহৰলৈ অহাৰ পিছতেই এতিয়া প্ৰশ্ন উথিছে আৰক্ষীলৈ-'অভিযুক্তক আৰক্ষীৰ ৰাজআতিথ্য কিয়'?


Related

TWITTER

FACEBOOK