আজি বিশ্ব গঁড় দিৱস

DY365
DY365
Published: September 22,2024 11:15 AM
DY365

Story highlights

'Keep the five alive” শ্লোগানেৰে উৎযাপন ২০২৪ চনৰ বিশ্ব গঁড় দিৱস

ছেপ্টেম্বৰ ২২,২০২৪: আজি বিশ্ব গঁড় দিৱস ৷ গঁড় সংৰক্ষণৰ সজাগতাৰ বাবে প্ৰতি বছৰে ২২ ছেপ্তেম্বৰ দিনটো বিশ্বত পালন কৰি অহা হৈছে গঁড় দিৱস হিচাপে ৷ বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত আয়োজন কৰা হৈছে দিনজোৰা কাৰ্যসূচীৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল সংলগ্ন পাঁচখন জিলা সামৰি আয়োজন কৰা অনুষ্ঠানত গঁড়ৰ প্ৰতীকসহ শোভাযাত্ৰাৰ লগতে অনুষ্ঠিত কৰা হৈছে বিভিন্ন প্ৰতিযোগিতা ৷



উল্লেখযোগ্য যে  বিশ্বৰ পাঁচটা প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ২০২৪ চনৰ গঁড় দিৱসৰ থিম হিচাবে লোৱা হৈছে “Keep the five alive” ৷ গৌৰৱৰ কথা যে বিশ্বৰ  পাঁচটা প্ৰজাতিৰ গঁড়ৰ ভিতৰত অন্যতম এশিঙিয়া গঁড়ৰ সৰ্বাধিক আৱাসভূমি অসম ৷ ইয়াৰে নবৈ শতাংশ এশিঙিয়া গঁড়ৰ আৱাসভূমি হিচাবে শীৰ্ষত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ যাৰবাবে দেশী বিদেশী পৰ্যটকৰ বিশেষ আকৰ্ষণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷



ঠিক একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বোকাখাততো গঁড় সুৰক্ষাৰ সজাগতাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বোকাখাতৰ লগতে নগাঁও আৰু বিশ্বনাথতো পুৱাই আৰম্ভ কৰা হৈছে গঁড় সজাগতাৰ বিশেষ সোভাযাত্ৰা। বিয়লি কহঁৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে গঁড় সুৰক্ষাৰ সজাগতা সভা।



এই সজাগতা সভাত বন মন্ত্ৰীৰ লগতে কৃষিমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আদিয়ে অংশ গ্ৰহণ কৰিব । বিশ্ব গঁড় দিৱস উপলক্ষে আজি পুৱা বোকাখাতৰ ধনশিৰিমুখৰ পৰা উলিওৱা সজাগতা ৰেলীত বোকাখাত পৌৰসভা, কৰবেট ফাউণ্ডেচন, জীপ চাফাৰী সন্থা, গঁড় সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে।


Related

TWITTER

FACEBOOK