কেতিয়াৰ পৰা আপুনি কৰিব পাৰিব অমৰনাথ যাত্ৰা?

DY365
DY365
Published: March 5,2025 07:06 PM
DY365

Story highlights

কেতিয়াৰ পৰা আপুনি কৰিব পাৰিব অমৰনাথ যাত্ৰা?

৫ মাৰ্চ,২০২৫- কেতিয়াৰ পৰা আপুনি কৰিব পাৰিব অমৰনাথ যাত্ৰা?



অমৰনাথ যাত্ৰা কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ। কাৰণ অমৰনাথ যাত্ৰাৰ তাৰিখ ঘোষণা কৰা হৈছে। ৩ জুলাইৰ পৰা আৰম্ভ হ’ব পৱিত্ৰ অমৰনাথ যাত্ৰা। অমৰনাথ শ্ৰাইন ব’ৰ্ডৰ অধ্যক্ষ তথা জম্মু-কাশ্মীৰৰ এলজি মনোজ সিনহাৰ অধ্যক্ষতাত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। ৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অমৰনাথ যাত্ৰাৰ অন্ত পৰিব ৯ আগষ্টত। এইবাৰৰ অমৰনাথ যাত্ৰা অধিক মসৃণ আৰু নিৰাপদ কৰি তোলাৰ বাবে বিশেষ ব্যৱস্থা কৰা গ্ৰহণ কৰা হ’ব। অমৰনাথ যাত্ৰাৰ ভক্তসকলৰ বাবে থকা-খোৱাৰ লগতে নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হ’ব আৰু ভক্তসকলৰ সা-সুবিধা বৃদ্ধি কৰা হ'ব। বিগত বৰ্ষৰ দৰেই এইবাৰো ভ্ৰমণৰ বাবে পঞ্জীয়নৰ সুবিধা অনলাইন আৰু অফলাইন দুয়োটাতে দিয়া হ’ব। উল্লেখ্য যে  ২০২৪ বৰ্ষত পবিত্ৰ অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন ১৭ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল, এইবাৰো একেধৰণৰ প্ৰক্ৰিয়া অনুসৰণ কৰা হ’ব।



উল্লেখ্য যে, হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থযাত্ৰা অমৰনাথ যাত্ৰা। যাৰ বাবে কঠিন পথক নেওচি ভক্তসকলে অমৰনাথত উপস্থিত হয়। অমৰনাথ ধাম ভগৱান শিৱৰ অন্যতম প্ৰধান তীৰ্থস্থান। অমৰনাথত মহাদেৱৰ বিৰল আৰু স্বাভাৱিক শিৱলিংগ দেখা যায়। অমৰনাথৰ লগত মানুহৰ বহু বিশ্বাস জড়িত হৈ আছে, যাৰ বাবে সকলো বাধা নেওচি এই যাত্ৰাৰ বাবে যায়।


Related

TWITTER

FACEBOOK