মন্দিৰৰ দান বাকচত এইবাৰ iphone

DY365
DY365
Published: December 21,2024 07:51 PM
DY365

Story highlights

মন্দিৰৰ দান বাকচত এইবাৰ iphone

২১ ডিচেম্বৰ,২০২৪- মন্দিৰৰ দান বাকচত এইবাৰ iphone 
চেন্নাইৰ এটা মন্দিৰৰ দান বাকচত ভুলবশতঃ এজন ভক্তৰ আইফোনটো পৰি যায়। ইয়াৰ পিছতেই পলম নকৰাকৈ ব্যক্তিজনে লগে লগে তিৰুপুৰত অৱস্থিত শ্ৰীকন্দস্বামী মন্দিৰৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি এই বিষয়ে অৱগত কৰে। তেওঁ কয় যে দান দিওঁতে তেওঁৰ ফোনটো অজানিতে দান বাকচত পৰি যায় আৰু কৰ্তৃপক্ষক তেওঁৰ ফোনটো ঘূৰাই দিবলৈ অনুৰোধ জনায়।
কিন্তু ইয়াৰ পিছতেই ভক্তজনক মন্দিৰ প্ৰশাসনে তেওঁৰ ফোনটো ঘূৰাই দিবলৈ অমান্তি হয়।তামিলনাডু হিন্দু ধৰ্মীয় আৰু দাতব্য এনডাউমেণ্ট বিভাগে কয় যে এতিয়া মবাইলটো মন্দিৰৰ সম্পত্তিত পৰিণত হৈছে। এনে পৰিস্থিতিত আইফোনটো ঘূৰাই দিব নোৱাৰিব। মন্দিৰৰ দান বাকচত যিখিনি জমা হয় সেয়া স্বেচ্ছাই নিদিলেও ঈশ্বৰৰ হিচাপলৈ যায় আৰু ‘প্ৰসাদ ঘূৰাই দিয়াৰ অনুমতি নাই’। 
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কোৱা হয় যে মন্দিৰৰ ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি দান বাকচত দিয়া যিকোনো প্ৰসাদ পোনে পোনে সেই মন্দিৰৰ দেৱতাৰ একাউণ্টত সোমাই যায়। এনে পৰিস্থিতিত নিয়ম অনুসৰি ভক্তক প্ৰসাদ ঘূৰাই দিবলৈ দিয়া নহয়।


TWITTER

FACEBOOK